নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰ : গৰজি উঠিল দেৰগাঁও আৰক্ষীৰ পিষ্টল। পলাবলৈ চেষ্টা কৰা গভাইত চোৰ লাগান চাহানী নিহত হয় আৰক্ষীৰ গুলীত। দীৰ্ঘদিন ধৰি দেৰগাঁৱৰ বিভিন্ন স্থানত চুৰি কৰি একপ্ৰকাৰ সন্ত্ৰাস চলাই আহিছিল গভাইত চোৰ লাগান চাহানীয়ে। উল্লেখ্য যে ৰাইজৰ অভিযোগৰ ভিত্তিত গোপন সূত্ৰৰ পম খেদি যোৱা শনিবাৰে দেৰগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰিছিল গভাইত চোৰ লাগান চাহানীক। যোৱানিশা দেৰগাঁও আৰক্ষীয়ে চোৰটোক লগত লৈ চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ যোৱা সময়ত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত নিহত হয়। ইয়াৰ পূৰ্বেও দেৰগাঁও আৰক্ষীয়ে লাগান চাহানীক কৰায়ত্ত কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছিল। জে’লৰ পৰা ওলাই আহিয়ে পুনৰ দেৰগাঁৱৰ বিভিন্ন স্থানত ঘৰত কোনো নথকাৰ সুযোগত দিনে-নিশাই চলাই আহিছিল চুৰি কাৰ্য। চোৰটোৰ পৰা পিষ্টল, নগধ ধন আৰু বহু সামগ্ৰী উদ্ধাক কৰে আৰক্ষীয়ে।
প্ৰেৰক প্ৰণৱ চক্ৰৱৰ্তী