নিয়মীয়া বাৰ্তা, ২১ জুলাইঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা শনি মন্দিৰত পুনৰ চুৰিকাৰ্য্য সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আজি পুৱা চহৰখনৰ ১নং ৱাৰ্ডৰ ৰাইজে অঞ্চটোৰ সেই মন্দিৰটোৰ দৰ্জাৰ তলা ভাঙি ভিতৰত থকা দান ভাণ্ডাৰৰ বাকচটো চোৰে চুৰি কৰি নিয়া বুলি অৱগত হয়। ইয়াতে উল্লেখনীয় এয়া যে ১১ জুলাইৰ নিশা ধুবুৰী চহৰখনৰ এইটো ৱাৰ্ডৰেই ৬গৰাকীকৈ ক্ষুদ্ৰ ব্যৱসায়ীৰ দোকানগৃহকে ধৰি অঞ্চলটোৰ বৰলুইতৰ কাছাৰী পাৰঘাটৰ এটা যাত্ৰীবাহী লঞ্চৰ এখনৰ পৰা ইঞ্জিনৰ কেবেল চুৰি কৰিছিল চোৰে। আনহাতে বিগত কিছু মাহৰ পৰাই চহৰখনত ই-ৰিক্সাৰ বেটেৰী, সৰু সৰু দোকান-পোহাৰতো সংঘটিত হ’বলৈ লোৱা পোৱা গৈছে চুৰি কাৰ্য্য। কিন্তু বৰ্তমানলৈ সেই চুৰিকাণ্ড কেইটাৰ সৈতে জড়িত এজনকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী