নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢালিগাঁওস্থিত শোধনাগাৰ নামঘৰত চুৰি কাণ্ডঃ দানপাত্ৰৰ ধন লুটি নিয়ে দুৰ্বৃত্তই

নিয়মীয়া বাৰ্তা, ১৫ জুন: চিৰাং জিলাৰ ঢালিগাঁও থানাৰ পুৰণি চৌহদ তথা বৰ্তমানৰ নগৰ নিৰীক্ষণ চকীৰ গাতে লাগি থকা শোধনাগাৰ নামঘৰত যোৱা নিশা চোৰৰ দলে চুৰি কাৰ্য সংঘটিত কৰে। নিশা দোপালপিটা বৰষুণৰ সুযোগ গ্ৰহণ কৰি চোৰৰ দলে মূল নামঘৰত প্ৰৱেশ কৰি দান পাত্ৰটোৰ তলা ভাঙি দানপাত্ৰত থকা সকলো ধন লুটি লৈ যায়। আজি পুৱা নামঘৰীয়াই নিত্য নৈমিত্তিক সেৱা-অৰ্চনাৰ বাবে নামঘৰত প্ৰৱেশ কৰাত নিশা চোৰৰ দলে সংঘটিত কৰা দুষ্কাৰ্য প্ৰত্যক্ষ কৰে। লগে লগে ঘটনাৰ বিষয়ে নামঘৰ পৰিচালনা সমিতিক বিষয়টো অবগত কৰা হয়। ঘটনাৰ খবৰ পোৱাত পৰিচালনা সমিতিৰ বিষয়ববীয়া, অঞ্চলটোৰ ভকত-বৈষ্ণৱ সকলৰ লগতে অন্যান্য ভক্তপ্ৰাণ ৰাইজ নামঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লৈ মৰ্মাহত হৈ পৰে। ঢালিগাঁও থানা খন পূৰ্বৰ স্থানৰ পৰা জিলা সদৰ কাজলগাঁৱলৈ স্থানান্তৰিত কৰাৰ পাছতে ঐতিহ্য মণ্ডিত নামঘটোত প্ৰথম বাৰৰ বাবে দুষ্কৃতিকাৰী প্ৰৱেশ কৰি চুৰি কাণ্ড সংঘটিত কৰাৰ লগতে নামঘৰৰ একাধিক স্থানত লণ্ডভণ্ড কৰি অঞ্চলটোৰ ভকত-বৈষ্ণৱ সকলক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাইছে আৰু অসমীয়াৰ ঐতিহ্যত কুঠাৰঘাত কৰা বুলি নামঘৰ পৰিচালনা সমিতিয়ে অভিযোগ উত্থাপন কৰিছে। ঘটনা সংক্ৰান্তত পৰিচালনা সমিতি আৰু নামঘৰীয়া সকলে যৌথ ভাবে ঢালিগাঁও থানাত লিখিত অভিযোগ দিয়ে আৰু দুষ্কৃতিকাৰীক আটক কৰি উপযুক্ত শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।।
প্ৰেৰক বিপুল কুমাৰ দাস

You might also like