নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত স্কুটী বিচাৰি পাঁচ শিক্ষানুষ্ঠানৰ ছাত্ৰীৰ প্ৰতিবাদ 

নিয়মীয়া বাৰ্তা, ২০ মে’ : শিৱসাগৰৰ এচাম মেধাৱী ছাত্ৰীয়ে অসম চৰকাৰৰ পৰা স্কুটী বিচাৰি শিৱসাগৰ নগৰৰ ৰাজপথত প্ৰতিবাদ সমদল উলিয়াই পৰিৱেশ উত্তাল কৰি তোলে। শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়, আৰ্যভট্ট একাডেমী, শিৱসাগৰ চিনিয়ৰ চেক্ৰেণ্ডেৰী স্কুল, ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়, বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা একাংশ মেধাবী ছাত্ৰীয়ে শিৱদৌলৰ সন্মুখৰ পৰা আয়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদ সমদল উলিয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৬০  শতাংশ নম্বৰ লাভ কৰা ছাত্ৰী সকলক স্কুটী প্ৰদান কৰিবলৈ দাবী জনাই শিৱসাগৰ জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

ছাত্ৰীসকলে হাতে-হাতে বেনাৰ-ফেষ্টুন লৈ স্কুটী আমাক লাগিবই শীৰ্ষক ধ্বনিৰে শিৱসাগৰ জিলাৰ আয়ুক্তৰ কাৰ্য্যালয়ৰ প্ৰৱেশ পথ উত্তাল কৰি তোলে। প্ৰতিবাদী ছাত্ৰীসকলে চৰকাৰৰ শেহতীয়া নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।মূখ্যমন্ত্ৰীক পুৰ্বৰ ষাঠী শতাংশ নম্বৰ প্ৰাপ্তসকলক স্কুটী প্ৰদানৰ নীতি বলবৎ কৰিবলৈ দাবী জনায়। দৰিদ্ৰ ছাত্ৰীসকলৰ সমস্যাক গুৰুত্ব দি উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীক স্কুটী প্ৰদানৰ পূৰ্বৰ নিয়ম অব্যাহত ৰাখিবলৈ কয় তেওঁলোকে। ছাত্ৰীসকলে সাংবাদিকৰ সন্মুখত কয় যে ‘চিলেবাছ সলনি হোৱা নাই। সেয়েহে পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি অসম চৰকাৰে আমাক স্কুটী দিবই লাগিব। চৰকাৰে সকলোকে সমভাৱে চোৱা উচিত। স্কুটী প্ৰদান কৰিলে ছাত্ৰীসকলে দূৰদূৰণিত থকা স্কুল – কলেজলৈ যাবলৈ সুবিধা হোৱাৰ কথা উল্লেখ কৰি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীসকল অধিক উপকৃত হ’ব বুলি মন্তব্য কৰে।

প্ৰেৰক প্ৰশান্ত বৰগোহাঁই

You might also like