নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্ৰীৰাম গাঁও পঞ্চায়তত প্ৰধানমন্ত্ৰী আৱাস যোজনাত অনিয়ম

নিয়মীয়া বাৰ্তা, ১৭ জুলাই : প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মাজুলীৰ কুৰিখন পঞ্চায়তত কেইবাহাজাৰো প্ৰধানমন্ত্ৰী আৱাস গৃহ নিৰ্মাণৰ কাম ২০২১-২২ বিত্তীয় বৰ্ষৰ পুঁজিৰে হিতাধিকাৰীসকলে নিৰ্মাণ কৰি থকা পৰিলক্ষিত হৈছে ৷ কিন্তু উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্ৰীৰাম গাঁও পঞ্চায়তত পোহৰলৈ আহিছে পিএমএৱাই গৃহত হোৱা এক চৰম দুৰ্নীতিৰ তথ্য ৷ তথ্য অনুসৰি, পঞ্চায়তখনৰ সাত নম্বৰ ৱাৰ্ডৰ দৰিদ্ৰ বাপুচেলা গাঁৱৰ গণেশ নৰহৰ পি এম এ ৱাইৰ আই ডি নম্বৰ As150716267ৰ বিপৰীতে ২০১৯ চনৰ ২৩ ফেব্ৰুৱাৰীত ভেৰিফিকেচন প্ৰক্ৰিয়া সম্পন্ন হৈছিল আৰু ২০২১-২২ বিত্তীয় বৰ্ষৰ অধীনত গণেশ নৰহৰ কন্যা ৰঞ্জিতা নৰহক আই ডি নম্বৰ এ এছ ১৫০৭১৬২৬৭ বিপৰীতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আৱাস প্ৰদান কৰা হয় ৷ সেই অনুসৰিয়ে ২০২৩ বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত ৰঞ্জিতা নৰহক ৭ নম্বৰ ৱাৰ্ডৰ মেম্বাৰগৰাকীয়ে মাজুলীৰ চি অ’ দিতিমণি পেগুৰ স্বাক্ষৰিত পি এম এ ৱাই গৃহ লাভৰ অনুমোদন পত্ৰ প্ৰদান কৰিছিল, কিন্তু ঘৰ নিৰ্মাণৰ টকা লাভ নকৰাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতো দুখীয়া গণেশ নৰহে আজি পৰ্যন্ত ঘৰ লাভ নকৰাৰ পিছত বৰ্তমান দ্বিতীয় তালিকাৰ ঘৰ লাভ কৰা হিতাধিকাৰীৰ তালিকা প্ৰকাশ হোৱাৰ লগতে প্ৰথম কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত সোমোৱাৰ পিছত সচেতন মহলৰ চকু কপালত উঠিছে ৷  জানিব পৰা মতে, চিৰামচাপৰিৰ এজন হাইস্কুলৰ শিক্ষকৰ পিতৃ অকমান বৰাৰ আই ডি As129708722ৰ বিপৰীতে পি এম এ ৱাইৰ প্ৰথম কিস্তিৰ ধন ৩২,৫০০ টকা চলিত বৰ্ষৰ পাঁচ জুলাইত একাউণ্টত জমা হয় আৰু ইতিমধ্যে অকমান বৰাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ৷  চিৰাম চাপৰিৰ বিভিন্নজনে ফোনযোগে এই প্ৰতিবেদকক কয় যে অকণমান বৰাৰ শিক্ষক পুত্ৰৰ সৈতে পিতৃয়ে একেলগে বসবাস কৰাৰ পিছত কেনেদৰে দুখীয়া লোকৰ বাবে অহা পি এম এ ৱাই গৃহ লাভ কৰিলে বুলি প্ৰশ্ন তুলিছে ৷ আনহাতে, ভকতিদুৱাৰ গাঁৱৰ এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ টিউটৰৰ পত্নী মৌচুমী খাউণ্ডে আই ডি  As 129305909 ৰ বিপৰীতে পি এম এ ৱাইৰ প্ৰথম কিস্তিৰ ধন ৩ জুলাইত ৩২৫০০ টকা  লাভ কৰে ৷ ইতিমধ্যে দুয়োটা পৰিয়ালেই ধন লাভ কৰি গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা পৰিলক্ষিত হৈছে ৷ যাক লৈ পঞ্চায়তৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে এই একেখন গাঁও পঞ্চায়ততে ভকতিদুৱাৰ গাঁৱৰ বিধৱা মহিলা ৰূপা শইকীয়াৰ নামত অহা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ ঘৰটো পঞ্চায়তত প্ৰস্তাৱ কৰি কাটি দিয়া হয় ৷ ৰূপা শইকীয়াৰ ঘৰটো কাটি দিয়াৰ উদ্দেশ্য হল শেহতীয়াকৈ ৰূপাৰ দুটা পুত্ৰ সন্তানৰ সৰু পুত্ৰই এটি চৰকাৰী চাকৰি লাভ কৰিছে ৷ কিন্তু বৰ্তমানো এটা উৱলি যোৱা গৃহত বসবাস কৰা মাতৃ আৰু বৰপুত্ৰৰ বসবাসৰ উপকাৰ হোৱাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহটি বৰপুত্ৰৰ নামত দিবলৈ ভকতিদুৱাৰ গাঁওবাসীয়ে আহ্বান জনাইছিল যদিও সেয়া নীতিবহিৰ্ভূত হিচাপে বিবেচিত হৈছে বা বৰ্তমানলৈ ৰূপা শইকীয়াৰ প্ৰতি সদিচ্ছা দেখুওৱা নাই উজনি মাজুলী উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে ৷  ইফালে, উজনি মাজুলী উন্নয়ন খণ্ডৰ বিষয়াগৰাকীয়ে নিজেই আহি ৰূপা শইকীয়াৰ গৃহ পৰিৰ্দশন কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল ৷ এতিয়া পঞ্চায়তখনৰ সচেতন মহলে প্ৰশ্ন তুলি কয় যে দুটা সন্তানৰ মাতৃ ৰূপা শইকীয়াৰ সৰু পুত্ৰই চাকৰি পোৱাৰ বাবে যদি পি এম এ ৱাইৰ ঘৰ পাব নোৱাৰে, তেনেহলে শিক্ষকৰ সৈতে একেলগে বসবাস কৰা শিক্ষকৰ পিতৃ অকমান বৰা আৰু শিক্ষকৰ পত্নী মৌচুমী খাউণ্ডে কেনেদৰে গৃহ লাভ কৰিলে৷ পঞ্চায়তখনৰ বিজ্ঞ মহলে ধনৰ লালসাত পঞ্চায়তৰ সভাপতিগৰাকীয়ে চৰকাৰী কৰ্মচাৰীৰ নামতো পি এম এ ৱাইৰ গৃহ প্ৰদান কৰা বুলি অভিযোগ তুলিছে ৷ পঞ্চায়তখনত হৈ থকা দুৰ্নীতি, অনিয়মৰ বাতৰি সঘনাই প্ৰকাশ হোৱাৰ পিছতো জিলা প্ৰশাসনৰ চকুত নপৰাৰ ৰহস্য ক’ত বুলি দল-সংগঠনে প্ৰশ্ন তুলিছে ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড 
You might also like