নিয়মীয়া বাৰ্তা, ৭ জুলাই : কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত আজি ৰাজহ চক্ৰৰ এলেকাধীন বিভিন্ন অঞ্চলৰ সমস্যাৰাজিক লৈ অঞ্চলবাসী ৰাইজৰ সতে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰৰ পৰিচালনাত অনুষ্ঠিত হোৱা উক্ত সভাত নগৰবেৰাৰ ৰাজহ চক্ৰ এলেকাধীন অঞ্চলসমূহৰ শেহতীয়া পৰিস্থিতিৰ লগতে বিভিন্ন ধৰণৰ সমস্যা সন্দৰ্ভত অঞ্চলবাসী ৰাইজৰ লগত পৰ্যালোচনা কৰা হয় ৷ আজিৰ এই সভাত সমষ্টি পুনৰ্নিৰ্দ্ধাৰণ সন্দৰ্ভতো বিস্তৃতভাৱে আলোচনা কৰা হয় যদিও উপস্থিত ৰাইজে চৰকাৰৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে ছমৰীয়া সমষ্টি বাহাল ৰাখিবলৈ চৰকাৰৰ লগতে নিৰ্বাচনী আয়োগক চক্ৰ বিষয়াৰ জড়িয়তে আবেদন জনাইছে। আজিৰ এই পৰ্যালোচনা সভাত নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত পিজুপাৰপাৰা কল্যাণপুৰ সংযোগী গড়কাপ্তানি পথৰ সৰুডোৱা অঞ্চলত থকা জৰাজীৰ্ণ কাঠৰ দলংখন মেৰামতি কৰিবলৈ ৰাজহ চক্ৰ বিষয়াক অৱগত কৰাত ৰাজহ চক্ৰ বিষয়াই তিনি মাহৰ ভিতৰতে সেই স্হানত বিভাগীয়ভাৱে এখন স্হায়ী পকী দলংৰ কাম আৰম্ভ কৰা হব বুলিও উপস্থিত ৰাইজক অৱগত কৰে ৷ ইপিনে, পাহাৰপাৰাৰ পৰা ই এণ্ড ডি মথাউৰি সংযোগী পথছোৱাত এজাক বৰষুণ পৰিলেই ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হোৱা বুলি চক্ৰ বিষয়াক লিখিত অভিযোগ দাখিলে কৰাত শীঘ্ৰে ৰাইজৰ যাতায়াতৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি সমাধান কৰা হব বুলি ৰাইজক আশ্বাস দিয়ে ৷ বিষয়াগৰাকীয়ে কয়- সমষ্টিৰ পুনৰ্নিৰ্দ্ধাৰণ সন্দৰ্ভত ইতিমধ্যেই খচৰা যিহেতু ওলাইছে কাৰোবাৰ কিবা ওজৰ-আপত্তি থাকিলে লিখিতভাৱে দিব পাৰিব ৷ আৰু তাক ৰাজহ চক্ৰ বিষয়াই ঊৰ্ধ্বতন কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব ৷ এই বিষয় লৈ কোনো দল-সংগঠনে যাতে কোনোধৰণৰ প্ৰতিবাদ, ধৰ্মঘট, ৰাজপথ অৱৰোধ বা তেনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী লৈ পৰিস্থিতি অশান্ত কৰিবলৈ চেষ্টা নকৰে, তাৰ বাবেও সকলোকে সকীয়াই দিয়ে ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকৰে ৷ আজিৰ এই সভাত নগৰবেৰা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ লগতে কেইবাটাও দল-সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস