নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত চন্দ্ৰযান-৩ৰ আৰ্হিত ৫০ ফুট উচ্চতাৰ মুখ্য প্ৰৱেশদ্বাৰ

নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰ : বিগত বৰ্ষৰ দৰে এইবাৰো আটকধুনীয়াকৈ ১৪টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা তথা সকলোৰে পৰিচিত শুদ্ধ অসমীয়া কেঁচা সোণৰ গহনাৰ এক অন্যতম প্ৰতিষ্ঠান ডুগডুগীয়ে অষ্টম বাৰ্ষিক দুৰ্গাপূজাভাগ ২০ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈকে পাঁচদিনীয়াকৈ আয়োজন কৰিছে। আকৰ্ষণীয় পূজা মণ্ডপেৰে এইবাৰো তেওঁলোকে চমক সৃষ্টিৰ প্ৰয়াস কৰিছে। এইবাৰ পূজাৰ মূল মণ্ডপ ৫০ ফুট উচ্চতাৰ চন্দ্ৰযান-৩ৰ আৰ্হিৰে অতি আকৰ্ষণীয় ৰূপত নিৰ্মাণ কৰি থকা হৈছে। পূজাৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী হাতত লোৱা হৈছে। তদুপৰি এই কাৰ্যসূচীৰ ভিতৰত থাকিব ২১ অক্টোবৰ সপ্তমীৰ দিনা সন্ধিয়া ৭ বজাত বিশিষ্ট নাট্যকাৰ নীলমণি বৰাৰ পৰিচালনাৰে “মহাভাৰতৰ মা” নাট মঞ্চস্থ, ২২ অক্টোবৰ অষ্টমীৰ দিনা নিশা ৯ বজাত বঢ়মপুৰ আঞ্চলিক হৰি ভকতৰ নামতি দলৰ দ্বাৰা দিহানাম পৰিৱেশন আৰু ২৩ অক্টোবৰ নৱমীৰ দিনা সন্ধিয়া ৭ বজাত জনপ্ৰিয় চন্দাৱলী শিল্পী সমাজৰ (নগাঁও) দ্বাৰা কেলিগোপাল নাটৰ আধাৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰা হ’ব। পূজাৰ কেইদিনত ভক্তিপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

প্ৰেৰক কনক হাজৰিকা

You might also like