নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তলাতল ঘৰৰ সংৰক্ষিত এলেকাৰ অস্থায়ী হোটেলত সুৰাৰ মুকলি বেহা

🔹 ঐতিহাসিক স্থানৰ সামাজিক পৰিৱেশ বিনষ্ট কৰাৰ গুৰুতৰ অভিযোগ

নিয়মীয়া বাৰ্তা,  ২৩ জুলাই : ঐতিহ্যমণ্ডিত তলাতল ঘৰৰ সংৰক্ষিত এলেকাত ব্যাপক ৰূপত এটা অসাধু চক্ৰই পকী গৃহ নিৰ্মাণেৰে বেদখল কৰা ঘটনাই সৰ্বত্ৰ চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তে এইবাৰ তলাতল ঘৰৰ সংৰক্ষিত এলেকাত বে-আইনীভাৱে গঢ়ি উঠা হোটেলত দিনে-নিশাই সুৰাৰ অবৈধ বেহা গঢ়ি উঠা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কোনোধৰণৰ বৈধ অনুমতি নোহোৱাকৈ সাইলাখ বাৰৰ দৰে সংৰক্ষিত এলেকাত স্থাপন কৰা হোটেলকেইখনত সুৰাৰ মুক্ত বেহা চলাক লৈয়ে সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ ৷ দৈনিক আগমন ঘটা দেশী-বিদেশী পৰ্য্যটক তথা ঘৰুৱা দৰ্শনাথীৰ সন্মুখত ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰৰ সন্মুখত প্ৰায় ৭টা মাহ ধৰি অব্যাহত থকা সুৰাৰ এই মুক্ত বেহাই স্তম্ভিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক ৷ বছৰ বছৰজুৰি এক শৃংখলিত তথা শান্তিপূৰ্ণ পৰিৱেশ বিৰাজ কৰি অহা ঐতিহ্যমণ্ডিত তলাতল ঘৰৰ চৌহদত নতুনকৈ গঢ় লৈ উঠা অবৈধ হোটেলকেইখনত বহা সুৰাৰ আড্ডাই অঞ্চলটোৰ সামাজিক পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰি তোলাৰো অভিযোগ উত্থাপন হৈছে ৷ উল্লেখ্য যে তলাতল ঘৰৰ সংৰক্ষিত এলেকাৰ এটা অংশত অৱস্থিত পৌৰাণিক গোলাঘৰ ৷ আহোম যুগৰ অস্ত্ৰ ভাণ্ডাৰ ৰূপে পৰিচিত এই গোলাঘৰটোতেই আছে সেই সময়ত আহোম সেনাই যুদ্ধত ব্যৱহাৰ কৰা একাংশ অস্ত্ৰ-শস্ত্ৰ ৷ ৫৫১ টা প্ৰাচীন কীৰ্তিচিহ্নৰ ভিতৰত অন্যতম এই গোলাঘৰটো সকলো শ্ৰেণীৰ পৰ্য্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ এক নিৰিবিলি মুক্ত পৰিৱেশত অৱস্থিত তলাতল ঘৰৰ আৰু গোলাঘৰৰ সন্মুখৰ মুকলি ঠাইডোখৰতেই বিগত অক্টোবৰ মাহত কেইগৰাকীমান ব্যৱসায়ীয়ে বাঁহেৰে থলুৱা খাদ্যৰ কেইবাখনো বিপণী নিৰ্মাণ কৰিছিল ৷ শীতৰ সময়ছোৱাত আগমন ঘটা হাজাৰ হাজাৰ বনভোজ দল তথা পৰ্য্যটকৰ বাবেও অন্যতম আকৰ্ষণ আছিল এই হোটেলকেইখন ৷ থলুৱা খাদ্য মেলাৰ নাম লৈ নিৰ্দিষ্ট শীত মাহৰ সময়ছোৱাত পৰ্য্যটকসকলৰ সুবিধাৰ্থে স্থাপন কৰিছিল বিপণীকেইখন ৷ জানিব পৰা মতে, জিলা প্ৰশাসনৰ তৰফৰ পৰাও বিপণীকেইখনক নিৰ্দিষ্ট শীতৰ মাহকেইটাৰ বাবে অস্থায়ীভিত্তিক অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু আচৰিত যেন লাগিলেও সত্য যে শীত মাহ উকলি এতিয়া জুলাই মাহৰ ২২ তাৰিখ সোমালহি, কিন্তু অস্থায়ী অনুমতিৰ ভিত্তিত খোলা বিপণীকেইখন বন্ধ নহল ৷ বৰঞ্চ পৰ্য্যটকৰ আগমন হ্ৰাস পোৱা এই সময়ছোৱাত উক্ত বিপণীকেইখনত দিনে-নিশাই সুৰাৰ মুক্ত প্ৰচলন ঘটাৰ অভিযোগ উত্থাপন হৈছে ৷ জিলা প্ৰশাসন- আবকাৰী বিভাগৰ সকলো নীতি-নিয়ম ভৰিৰে মোহাৰি খাদ্য মেলাৰ নামত ৰজাদিনীয়া গোলাঘৰৰ সন্মুখত খোলা বিপণীকেইখনত সুৰাপায়ীৰ ভিৰ৷ যুৱ চামৰ অত্যধিক ভিৰ পৰিলক্ষিত হোৱা হেটেলকেইখনৰ পৰা ওলাই অহা সুৰাপায়ীৰ অশ্লীল মাত-কথা, চিঞৰ-বাখৰ তথা হাই-উৰুমিয়ে সমগ্ৰ অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে ৷ ঐতিহ্যমণ্ডিত অঞ্চলটোত গঢ় লৈ উঠা অবৈধ সুৰাৰ ঘাটিসদৃশ হোটেলকেইখন শীঘ্ৰে উৎখাতৰ দাবী জনাইছে ৷ ইফালে, জিলা প্ৰশাসনৰ চকুৰ সন্মুখত ঐতিহাসিক স্থানৰ নিষিদ্ধ এলেকাত কিদৰে অবৈধভাৱে গঢ়ি উঠা হোটেলত সুৰাৰ বেহা চলাই থাকিবলৈ সক্ষম হৈছে, সেয়া এই মুহূৰ্তত লাখটকীয়া প্ৰশ্ন হিচাপে বিবেচিত হৈছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like