🔹 শিৱসাগৰ প্ৰেছ ক্লাবৰ সহায়কাৰীৰ তৎপৰতাত উদ্ধাৰ মানসিকভাৱে অসুস্থ মহিলা
নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : শিৱসাগৰ চহৰৰ নিবাসী এটি সম্ভ্ৰান্ত পৰিয়ালৰ মানসিকভাৱে অসুস্থ এগৰাকী মহিলাক লৈ নিশা শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত সৃষ্টি হয় এক ৰুদ্ধশ্বাস পৰিস্থিতিৰ ৷ পৰিয়ালৰ অজ্ঞাতে জয়সাগৰৰ ৰংঘৰ চাৰিআলিত নিশা সোণৰ আ-অলংকাৰেৰে পৰিবেষ্টিত ষাঠিৰ ঊৰ্ধ্বৰ মানসিকভাৱে অসুস্থ মহিলাগৰাকীৰ অৱস্থানক লৈয়ে সৃষ্টি হয় এই চাঞ্চল্য ৷ অৱশ্যে সৌভাগ্যবশত: শিৱসাগৰ প্ৰেছ ক্লাবৰ সহায়কাৰী বিতুৰ তৎপৰতাত অসুস্থ মহিলাগৰাকী সুৰক্ষিতভাৱে উদ্ধাৰ হোৱা ঘটনাত ৰাইজে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে প্ৰেছ ক্লাবৰ সহায়কাৰী বিতুৰ প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে ৷ জানিব পৰা মতে, কালি নিশা প্ৰায় ৭ বজাত সুন্দৰ সাজসজ্জা পৰিহিত এগৰাকী মহিলাই খোজেৰে আহি উপস্থিত হৈছিলহি সদাব্যস্ত ৰংঘৰ চাৰিআলিত ৷ বজাৰ-সমাৰলৈ অহা তথা স্থানীয় ব্যৱসায়ীসকলেও মহিলাগৰাকী নৈশ বাছত উঠিবৰ বাবে ৰৈ থকা যাত্ৰী বুলিয়েই ভাবি আছিল ৷কিন্তু দীৰ্ঘ সময় ধৰি বহুকেইখন নামনিমুৱা নৈশ বাছ পাৰ হৈ যোৱাৰ পিছতো মহিলাগৰাকীয়ে কোনো তৎপৰতা প্ৰদৰ্শন নকৰিলে ৷ ইফালে, ৰংঘৰ চাৰিআলিটোৰ একেবাৰে কাষতে প্ৰতি সন্ধিয়া তামোল-পাণৰ বিপণী খোলে প্ৰেছ ক্লাবৰ সহায়কাৰী বিতুৱে ৷ দিনত প্ৰেছ ক্লাবৰ কামত ব্যস্ত থাকি সন্ধিয়াৰ পৰা পথপথৰ কাষত তামোল-পাণ বিক্ৰী কৰা বিতুৰ দৃষ্টি পৰিছিল অস্বাভাৱিকভাৱে চলাচল কৰি থকা মহিলাগৰাকীৰ ওপৰত ৷ প্ৰথম অৱস্থাত শাৰীৰিক অৱয়ব, সুন্দৰ সাজসজ্জা আৰু গহনাৰে পৰিবেষ্টিত মহিলাগৰাকী নৈশ বাছৰ অপেক্ষাৰত যাত্ৰী বুলি সন্দেহ কৰিছিল যদিও শেষৰখন নৈশবাছ ৰংঘৰ চাৰিআলি এৰাৰ পিছতো মহিলাগৰাকীয়ে সেই স্থান ত্যাগ নকৰাত বিতুৰ সন্দেহ অধিক গাঢ় হৈ পৰে ৷ ক্ৰমান্বয়ে সদা ব্যস্ত ৰংঘৰ চাৰিআলিত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ইখনৰ পিছত সিখন বন্ধ হৈ পৰাৰ পিছতেই গভীৰ নিৰ্জনতাই আৱৰি ধৰা অঞ্চলটোত মহিলাগৰাকীৰ সুৰক্ষাক লৈ হতচকিত হৈ পৰে বিতু ৷ নিজৰ তামোল-পাণৰ ক্ষুদ্ৰ বিপণীখন সামৰি জনশূন্যহীন চাৰিআলিটোত মহিলাগৰাকীৰ নিৰাপত্তাক লৈ চিন্তিত বিতুৱে লগে লগে যোগাযোগ কৰে কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিকৰ সৈতে ৷ খবৰ দিয়া হয় নিকটৱৰ্তী আৰক্ষী চকীত ৷ কিন্তু আৰক্ষীৰ কোনো উমঘাম নাই ৷ পুনৰ এই প্ৰতিবেদকৰ লগতে জ্যেষ্ঠ সাংবাদিক অনন্ত স্মীৰ্থ আৰু ভাস্কৰজ্যোতি দাসৰ সৈতে যোগাযোগ কৰে ৷ দুয়োগৰাকী জ্যেষ্ঠ সাংবাদিকে আৰক্ষীক যিকোনো প্ৰকাৰে মহিলাগৰাকীক উদ্ধাৰৰ বাবে অনুৰোধ জনায় ৷ কিন্তু শিৱসাগৰত নিশাৰ ভাগত উদ্ধাৰ কৰা মহিলাক ৰাখিবৰ বাবে বিশেষ আশ্ৰয় গৃহ নথকাৰ বাবে আৰক্ষীও বিবুধিত পৰে ৷ ইফালে, মহিলাগৰাকীয়ে জনশূণ্যহীন হৈ পৰা চাৰিআলিটোৰ পৰা এ টি ৰোডেদি অজ্ঞাত স্থানলৈ বুলি যাত্ৰা আৰম্ভ কৰে ৷ যিকোনো প্ৰকাৰে মহিলাগৰাকীক সুৰক্ষিতভাৱে উদ্ধাৰত বদ্ধপৰিকৰ বিতুৱে নিজৰ পাণ-তামোলৰ সামৰি লোৱা বিপণীখনৰ টোপোলাকেইটা পথৰ কাষতেই এৰি এইবাৰ বাইচাইকেলেৰে মহিলাগৰাকীৰ পিছ লয় ৷ ইফালে, পুৰণি এ টি ৰোডেৰে খৰ খোজেৰে অন্তহীন যাত্ৰা আৰম্ভ কৰা মহিলাগৰাকীৰ ওপৰত এক নিৰ্দিষ্ট ব্যৱধানৰ পৰা বিতুৱে দৃষ্টি ৰখাৰ লগতে আন দুই জ্যেষ্ঠ সংবাদকৰ্মীয়ে আৰক্ষীক আশ্ৰয় গৃহৰ তত্বাৱধায়কৰ সৈতে যোগাযোগৰ ব্যৱস্থা চলায় ৷ কিন্তু মহিলাগৰাকীক উদ্ধাৰৰ ক্ষেত্ৰত জয়সাগৰ আৰক্ষীয়ে পলম কৰাৰ বাবেই যিকোনো অনাকাংক্ষিত ঘটনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি সাংবাদিক ভাস্কৰজ্যোতি দাসে পাঁচ কিলোমিটাৰ নিলগৰ দিছিয়ালস্থিত গাঁওৰক্ষী বাহিনীৰ সম্পাদক তথা বিজেপি নেতা বিশ্ব ভূঞাৰ সৈতে যোগাযোগ কৰে ৷ সাংগাঠনিক কামত কোকৰাঝাৰত থকা বিশ্ব ভূঞাই তৎপৰতাৰে সতীৰ্থ ভি ডি পি সদস্যৰ দ্বাৰা মহিলাগৰাকীক স্থানীয় জয়সাগৰ আৰক্ষীক সুৰক্ষিতভাৱে চমজাই দিয়ে ৷ জয়সাগৰ আৰক্ষীৰ প্ৰাথমিক সোধা-পোছাত মহিলাগৰাকী নগৰৰ মাজমজিয়া নিবাসী এটি প্ৰতিস্থিত পৰিয়ালৰ বুলি চিনাক্ত হয় ৷ বিগত কেইটামান দিনৰ পৰা মানসিক ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে পৰিয়ালৰ অজ্ঞাতে এনেদৰে ঘৰৰ পৰা অজ্ঞাত স্থানলৈ বুলি ওলাই আহিছিল ৷ অৱশ্যে নিশাই আৰক্ষীয়ে পৰিয়ালৰ সৈতে যোগাযোগ কৰে ৷ ইফালে, যি সময়ত যান্ত্ৰিকতাৰ এই পৃথিৱীত নিজ পুত্ৰই বৃদ্ধ মাতৃ-পিতৃক বৃদ্ধাশ্ৰম অথবা দূৰণিত এৰি থৈ অহাৰ দৰে ঘৃণনীয় কাণ্ড নিতৌ সংঘটিত হৈ আহিছে, সেই সময়তে শিৱসাগৰ প্ৰেছ ক্লাবৰ সহায়কাৰী তথা ক্ষুদ্ৰ পাণ-তামোলৰ ব্যৱসায়ী বিতুৱে মানৱতাক আগস্থান দি অচিনাক্ত মাতৃসম মহিলাগৰাকীক উদ্ধাৰৰ বাবে লোৱা প্ৰচেষ্টা নিঃসন্দেহে আদৰণীয়।
প্ৰেৰক আশ্ৰফুৰ ৰহমান