নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট : এজন চোৰক লৈ বিপাঙত পৰিছে এখন গাঁৱৰ ৰাইজ ৷ চোৰে চুৰি কাণ্ডৰ সকলো কথা ৰাইজৰ আগত স্বীকাৰ কৰাৰ পিছতো আৰক্ষীয়ে চোৰক কৰায়ত্ত নকৰাত বিপাঙত পৰিছে ৰাইজ ৷ জানিব পৰা মতে, জোনাইৰ পুৰণা জেলম প্ৰাথমিক বিদ্যালয়ত চাৰিবাৰকৈ মধ্যাহ্ন ভোজনৰ চাউল চুৰি হোৱাক কেন্দ্ৰ কৰি গাঁওৰক্ষী বাহিনী আৰু ৰাইজে চোৰৰ বিৰুদ্ধে অভিযান চলাই বৃহস্পতিবাৰে নিশা যোগেশ পাইত ওৰফে কাঃগে পাইত নামৰ এজন চাউল চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ উক্ত চাউল চুৰি কাণ্ডত জড়িত গাঁওখনৰে যোগেশ পাইত ওৰফে কাঃগে পাইত নামৰ যুৱকজনে গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ আগত বিদ্যালয়খনৰ পৰা চাৰিবাৰকৈ মধ্যাহ্ন ভোজনৰ চাউল চুৰি কৰাৰ কথা স্বীকাৰ কৰাত গাঁওৰক্ষী বাহিনীয়ে চোৰটোক কৰায়ত্ত কৰিবৰ বাবে জোনাই আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে ৰাইজে৷ ইফালে, শুকুৰবাৰে পুৱা ৮ বজাত পুৰণা জেলম গাঁৱৰ মুৰং ঘৰত ৰাইজে চোৰটোক লৈ পাতে এক ৰাজহুৱা মেল ৷ উক্ত ৰাজহুৱা মেলতো যুৱকজনে বিদ্যালয়খনৰ পৰা কেনেকৈ চাৰিবাৰকৈ চাউল চুৰি কৰিছিল সকলো কথা স্বীকাৰ কৰে ৰাইজৰ ওচৰত ৷ কিন্তু ইমানৰ পিছতো আৰক্ষীয়ে চোৰটোক কৰায়ত্ত নকৰাত চোৰটোক লৈ ৰাইজ এতিয়া বাৰুকৈয়ে পৰিছে বিপাঙত ৷ কাৰণ বিদ্যালয়ৰ চাউল চুৰিয়েই নহয়, যুৱকজনৰ বিৰুদ্ধে আছে আন কেতবোৰ চুৰি কাৰ্যৰ লগত জড়িতৰ অভিযোগ ৷ সেয়ে ধেমাজিৰ আৰক্ষী অধীক্ষকে বিষয়টোত গুৰুত্ব দি চোৰটোক কৰায়ত্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰি সীমান্তৱৰ্তী পুৰণা জেলমত সঘনাই চলি থকা চুৰি কাৰ্য ৰোধৰ দাবী জনাইছে ৰাইজে৷
প্ৰেৰক কৰবী দলে