নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিকল্প পদ্ধতিৰে পৰীক্ষাৰ চিন্তা–চর্চা গুৱাহাটী বিশ্ববিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ক’ভিডৰ ভয়াৱহতাৰ মাজত ছাত্র–ছাত্রীৰ শৈক্ষিক বর্ষ নষ্ট নোহোৱাকৈ কিদৰে ৰাখিব পাৰি, তাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কর্তৃপক্ষই চিন্তা–চর্চা আৰম্ভ কৰিছে৷ ইয়াৰ অংশ হিচাপে চৰকাৰৰ এছ অ’ পি অনুসৰি বিকল্প পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ যো–জা চলাইছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ বিশ্ববিদ্যালয় কর্তৃপক্ষৰ এটা সূত্রই সদৰী কৰা অনুসৰি শীঘ্রেই বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ নিয়ন্ত্রকে এই সম্পর্কীয় জাননী জাৰি কৰিব৷ বিশেষকৈ যিকেইটা পেছাদাৰী পাঠ্যক্রম আছে, সেইকেইটাৰ অগ্রাধিকাৰ ভিত্তিত পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷ লক্ষণীয়ভাৱে ক’ভিডকেন্দ্রিক পৰিস্থিতিৰ মাজত কেনেধৰণৰ বিকল্প পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰা হ’ব, সেই কথা সূত্রটোৱে সদৰী কৰা নাই৷

You might also like