বিশেষ বাৰ্তা, ১ জুলাই : এইবাৰ শুৱালকুছি থানাৰ সহকাৰী উপ-পৰিদৰ্শক দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ৷ উপ-পৰিদৰ্শকগৰাকী হৈছে জয়নাল আলী। ২০০০ টকা লৈ জালত পৰিল সহকাৰী আৰক্ষী উপ-পৰিদৰ্শকগৰাকী । শুৱালকুছি বৰবাৰী পাহাৰৰ টুটুমণি ডেকাৰ পৰা দাবী কৰিছিল এই ধন । প্ৰথমে চাৰি হাজাৰ টকা দাবী কৰিছিল ।ইয়াৰে ২০০০টকা আদায় দিছিল আৰক্ষীজনক । উপ-পৰিদৰ্শকগৰাকীয়ে ধনদাবী কৰা সকলো কথা টুটুমণি ডেকাই ৰেকৰ্ডিং কৰি দুৰ্নীতি নিবাৰক শাখাক অৱগত কৰিছিল ৷ আজি নিশা দুৰ্নীতি নিবাৰক শাখাৰ ডি এছ পি বদৰুল ইছলামৰ নেতৃত্বত অহা ১৫ জনীয়া দলে আৰক্ষী উপ-পৰিদৰ্শকগৰাকীক দুই হাজাৰ টকা লোৱা অৱস্থাত হাতে-লোটে কৰায়ত্ত কৰে ৷ উল্লেখ্য যে অক্ষী দাস নামৰ মহিলা এগৰাকীক মাৰধৰ কৰাৰ অভিযোগ দি বংশৰ বৰবাৰী পাহাৰৰ ভাগ্যশ্ৰী ডেকাই টুটুমণি ডেকাৰ বিৰুদ্ধে শুৱালকুছি থানাত ২১ জুনত এজাহাৰ দাখিল কৰিছিল ৷ উপ-পৰিদৰ্শক জয়নাল আলীয়ে গোচৰটো থানাতে মীমাংসা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দি টুটুমণি ডেকাৰ পৰা চাৰি হাজাৰ টকা বিচাৰিছিল ৷ আৰক্ষী বিষয়াগৰাকীৰ এনে কাৰ্যত সকলোৱে ধিক্কাৰ দিছে আৰু খাকী পোছাকত দাগ লগোৱা বুলি সৰ্বত্ৰে চৰ্চা হৈছে ৷
প্ৰেৰক দিলীপ মেধি