নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ অসমক সামাজিক, সাংস্কৃতিক,আধ্যাত্মিক আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত সুপৰিকল্পিত নৱচিন্তা-চৰ্চাৰে আগুৱাই নিয়াৰ উদ্দেশ্যে আজিৰে পৰা ২৬ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে চিন্তন শিবিৰ । আজি বিয়লি কাজিৰঙাৰ কহঁৰাস্থ বৰগছ ৰিজ’ৰ্টত এই চিন্তন শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। চিন্তন শিবিৰৰ প্ৰথম দিনা অৰ্থাৎ আজি আধ্যাত্মিক গুৰু সদগুৰু জগদীশ বাসুদেৱ উপস্থিত থাকি তেওঁৰ মূল্যবান প্ৰৱচন আগবঢ়োৱাৰ বিপৰীতে দ্বিতীয় দিনা অৰ্থাৎ ২৫ ছেপ্টেম্বৰত আধ্যাত্মিক গুৰু ৰৱিশংকৰে প্ৰৱচন আগবঢ়াব।তিনিদিনীয়া কাৰ্যক্ৰমেৰে অনুষ্ঠিত এই চিন্তন শিবিৰত অসমকে ধৰি কেইবাখনো ৰাজ্য ক্ৰমে উত্তৰ প্ৰদেশ, অন্ধ্রপ্ৰদেশৰ মুখ্য সচিৱ আৰু কৰ্ণাটকৰ জৰীপ, বন্দোবস্তি আৰু ভূমি তথ্য বিভাগৰ আয়ুক্তৰ উপৰিও অসমৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা মুৰব্বী তথা উচ্চ পদস্থ বিষয়া বৰ্গ উপস্থিত আছে ৷ ইয়াৰ লগতে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, পৰিমল শুক্লবৈদ্য, পীযুষ হাজৰিকা, বিমল বৰা, নন্দিতা গাৰ্লোছা, জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি ৰাজ্যৰ একাংশ বিধায়ক চিন্তন শিৱিৰত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে ৷ আজি প্ৰথম দিনা সদগুৰুৱে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনেৰে জনকল্যাণৰ সেৱাত উৎসৰ্গিত মনোভাৱ গঠন তথা সামগ্ৰিক উন্নয়ণৰ হেতু প্ৰয়োজনীয় দৃষ্টিভংগী গঠনৰ উদ্দেশ্যে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে ৷ চিন্তন শিৱিৰৰ আৰম্ভণিৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাত আনুষ্ঠানিক ভাৱে মুকলি কৰে তিনিটাকৈ এক খৰ্গযুক্ত গঁড়ৰ প্ৰতিমূৰ্ত্তি ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত নিৰ্মাণ কৰা হৈছে এটা প্ৰকাণ্ড গঁড়ৰ লগতে এহাল মাক-পোৱালি গঁড়ৰ প্ৰতিমূৰ্ত্তি ৷ উল্লেখ্য, ২০২১ বৰ্ষত অসমত সংৰক্ষণ কৰা ২৪৭৯টা গঁড়ৰ খৰ্গ দাহ কৰি ছাই সমূহ জমা কৰি ৰখা হৈছিল ৷ উক্ত ছাইখিনিৰে পৰৱৰ্তী সময়ত এই তিনিটাকৈ গঁড়ৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা হয় ৷ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে আধ্যাত্মিক গুৰু সদগুৰু, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা আদিকে ধৰি বনবিভাগ আৰু প্ৰশাসনৰ বিষয়া বৰ্গ উপস্থিত থাকে ৷
মুখ্যমন্ত্ৰীক কাষত বহুৱাই সদগুৰুৱে চলালে জীপচিঃ গঁড়ৰ প্ৰতিমূৰ্ত্তি উন্মোচনৰ পাছতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত জীপছি গাড়ী নিজে চলাই উদ্যান দৰ্শন কৰে সদগুৰুৱে। কাষৰ চিটত মুখ্যমন্ত্ৰীক বহুৱাই সদগুৰুৱে চালকৰ আসনত বহি সংবাদ মাধ্যমৰ আগত কয় যে, এটা মাত্ৰ খৰ্গৰ বাবে আপুৰুগীয়া এই গঁড় হত্যা কৰটো অতিশয় গৰিহণাযোগ্য ৷ তৎস্বত্বেও সংৰক্ষণৰ কঠোৰ পদক্ষেপেৰে এই গঁড়ৰ সংখ্যা বৃদ্ধিত চৰকাৰৰ কাৰ্যৰ শলাগ লয় সদগুৰু গৰাকীয়ে। ইফালে আজি নিশাই কাজিৰঙা এৰি হায়দৰাবাদ অভিমুখে ৰাওনা হৈছে সদগুৰু গৰাকীয়ে ৷
প্ৰেৰক ৰঞ্জিত ৰজক