নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এহেজাৰ মাস্ক তৈয়াৰ কৰিলে লালুকৰ ৰিবলী ভূঞাই

নিয়মীয়া বাৰ্তা ২৫ এপ্ৰিলঃ মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বতে জটিল ৰূপ ধাৰণ কৰি একপ্রকাৰ সমগ্র বিশ্বকে স্তব্ধ কৰি তুলিছে৷ ভাৰতবর্ষতো ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ নিমিত্তে যোৱা ২৪ মার্চৰ পৰা সমগ্র দেশতে লকডাউন চলি আছে৷ ক’ৰোনা ভাইৰাছৰ পৰা পৰিত্রাণ পাবলৈ কেন্দ্রীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে জনগণক ঘনে ঘনে চাবোনেৰে হাত ধোৱা, সামাজিক দূৰত্ব বর্তাই ৰখা, মাস্ক পিন্ধি চলা–ফুৰা কৰিবলৈ আহ্বান জনাই আহিছে৷ বজাৰত অভাৱনীয় ভাৱে হ্ৰাস পাইছে মাস্ক। এনে সময়তে বহু লোকে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি লৈছে৷ লালুকৰ বোৱাৰী, মাজুলী সমাজ কল্যাণ বিভাগৰ জিলা প্রকল্প সহায়িকা ৰিবলী ভূঞাই সম্পূর্ণ একক প্রচেষ্টাৰে লকডাউনৰ সময়ত নিজ গৃহতে এহেজাৰ মাস্ক তৈয়াৰ কৰে৷ উচ্চ গুণসম্পন্ন আৰু উন্নতমানৰ মাস্কসমূহ বিষয়াগৰাকীয়ে নিজ হাতেৰে তৈয়াৰ কৰি ওচৰ–চুবুৰীয়া অঞ্চলৰ ৰাইজক বিতৰণ কৰে৷ সমাজ কল্যাণ বিষয়াগৰাকীয়ে লগতে অঞ্চলটোৰ ৰাইজৰ মাজত ক’ৰোনা সজাগতা কার্যসূচীও অব্যাহত ৰাখিছে৷ নিজ কার্যালয়ৰ কামৰ ব্যস্ততাৰ মাজতে ৰিবলী ভূঞাই মাস্ক তৈয়াৰ কৰি বহু দৰিদ্র পৰিয়ালকো বিতৰণ কৰি আহিছে৷ লালুক প্রেছ ক্লাবৰ সাংবাদিকক মাস্ক বিতৰণ কৰি ৰিবলী ভূঞাই কয় যে সমাজৰ একাংশ লোক এনে সময়ত মাস্ক ক্রয় কৰিবলৈ হয়তো আর্থিক নাটনি বা অন্যান্য সমস্যাৰ সন্মুখীন হৈছে৷ সেয়েহে ঘৰতে মাস্ক তৈয়াৰ কৰি তেওঁ ৰাইজক বিতৰণ কৰাই নহয়, ইয়াৰ দ্বাৰা ক’ৰোনা ভাইৰাছ সন্দর্ভত সজাগতা সৃষ্টি কৰা হৈছে বুলি ৰিবলী ভূঞাই জানিবলৈ দিছে৷ ৰিবলী ভূঞা লালুক নিৱাসী অধিবক্তা সূর্য কুমাৰ বৰাৰ পত্নী৷

You might also like