একেদিনাই এহেজাৰ দর্শনীৰে মুক্তি পাব নতুন অসমীয়া চিনেমা ‘গৰু’
অসমীয়া চিনেমা প্রদর্শনৰ অভিনৱ আয়োজন
নিয়মীয়া বাৰ্তা ২৩ ডিচেম্বৰঃ প্রদর্শনৰ সমস্যা অসমীয়া চলচ্চিত্র উদ্যোগৰ প্রধান প্রতিবন্ধক৷ জয়মতী নির্মাণৰ দিনৰ পৰা আজিপর্যন্ত উপযুক্ত চলচ্চিত্র গৃহৰ অভাৱৰ বাবে অসমীয়া চিনেমা উদ্যোগে লাভৰ মুখ দেখা নাই৷ শেহতীয়াকৈ বিশ্বজুৰি হোৱা ক’ৰোনাৰ সংক্রমণ আৰু তাৰ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনে সমগ্র উদ্যোগটোক একপ্রকাৰ মৃত্যুমুখলৈ ঠেলি দিছে৷ তাৰ মাজতে অসমীয়া চিনেমাক পুনর্জীৱন দিবৰ বাবে চলচ্চিত্র পৰিচালক হিমাংশু প্রসাদ দাসে এক অভিনৱ আয়োজন কৰিছে৷ সমগ্র অসমত একেদিনাই এহেজাৰ দর্শনীৰে মুক্তিৰ বাবে সাজু কৰি তুলিছে তেওঁৰ নতুন চিনেমা ‘গৰু’৷ ৰাজ্যৰ তিনি শতাধিক স্থানত একেদিনাই একে সময়তে প্রদর্শন হ’ব হিমাংশু প্রসাদ দাসে পৰিচালনা কৰা নতুন চিনেমাখন৷ অসমীয়া চিনেমাৰ সীমিত বজাৰখন সম্প্রসাৰণ কৰাৰ এক বিকল্প পথ হিচাপে বিবেচিত হৈছে যুৱ পৰিচালকগৰাকীৰ এই নতুন প্রয়াস৷ ‘গৰু’ চিনেমাখন মুক্তি দিয়াৰ পৰিকল্পনা সন্দর্ভত সদৰী কৰি আজি এখন সংবাদ মেলত পৰিচালক হিমাংশু প্রসাদ দাসে কয়, ‘অসমত চিনেমা নাই৷ কাৰণ চিনেমাৰ দর্শক নাই৷ য’ত দর্শক আছে, তাত চিনেমা চোৱাৰ সুবিধা নাই, চিনেমা হল নাই৷ আগেয়ে বাছ ভাৰা কৰি চিনেমা চাবলৈ গাঁৱৰ পৰা চহৰলৈ আহিছিল মানুহ৷ এতিয়া মানুহৰ সময় নাই, ক’ৰবাত ক’ৰবাত অসমীয়া চিনেমাৰ গুণগত মানেও তেনে পৰিৱেশ সৃষ্টি কৰিব পৰা নাই৷ অথচ ভাল চিনেমা নির্মাণ হৈ আছে৷ অসমীয়া চিনেমা চাব খোজা অলেখ, অজস্র মানুহ আছে৷ তেওঁলোকৰ বাবে এইবাৰ চহৰৰ পৰা গাঁৱলৈ যাব এখন চিনেমা৷ বাছ ভাৰা কৰি মানুহ আহিব নালাগে চহৰলৈ৷ সমস্ত আয়োজনেৰে সুলভ মূল্যত মানুহৰ কাষলৈ যাব এখন নতুন অসমীয়া ছবি৷ ছবিৰ নাম ‘গৰু’৷ মুক্তিৰ তাৰিখ ২৩ জানুৱাৰী, ২০২১৷
‘গৰু’ নামৰ এই ছবিখনৰ মুক্তিৰ বাবে ইয়াৰ আগেয়েও ধার্য কৰা হৈছিল দুটাকৈ তাৰিখ৷ প্রথমবাৰ ৰাজ্যজুৰি চলি থকা ‘কা’বিৰোধী আন্দোলনৰ বাবে মুক্তিৰ সমস্ত প্রস্তুতিৰ পিছতো ছবিখন ৰাইজৰ মাজলৈ লৈ যাব পৰা হোৱা নাছিল৷ দ্বিতীয়বাৰ মুক্তিৰ যো–জা চলাওঁতেই পৃথিৱীত প্রবল হৈ উঠিছিল মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ বন্ধ হৈ পৰিছিল সকলো স্কুল–কলেজ, অফিচ–কাছাৰী আৰু চিনেমা হল৷ এনে পৰিস্থিতিত চিনেমাখন ৰাইজৰ মাজলৈ লৈ যোৱাৰ অর্থে নতুনকৈ চিন্তা–চর্চা কৰাৰ প্রয়োজন আহি পৰিল৷ সেয়েহে এক নতুন উপায়েৰে মুক্তিৰ বাবে সাজু হৈছে ‘গৰু’৷ সচৰাচৰ ‘ব্লক ব্লাষ্টাৰ’ অসমীয়া ছবিয়ে পোৱা ডেৰশ–দুশ দর্শনীৰে নহয়, ‘গৰু’ মুক্তি পাব এহেজাৰতকৈও অধিক দর্শনীৰে৷ অসমত থকা সীমিতসংখ্যক চিনেমা হলত মাত্র নহয়– ‘গৰু’ মুক্তি পাব গাঁৱে গাঁৱে, চহৰে–নগৰে থকা আপোনাৰ ওচৰৰ প্রেক্ষাগৃহত৷ আপোনাৰ ওচৰতে থকা প্রেক্ষাগৃহত, চিনেমা হলৰ দৰতকৈ নিশ্চিত তাকৰ দৰত আপোনাৰ ওচৰলৈ আহি আছে ‘গৰু’৷ ইউএফ’ আদি উপগ্রহীয় মাধ্যমেৰে নহয়– ‘গৰু’ ৰাইজৰ মাজলৈ আহিব ৰাইজৰ দ্বাৰা৷’
উল্লেখ্য যে হুছেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত প্রস্তুত হৈ উঠা ‘গৰু’ৰ চিত্রনাট্য ৰচনা কৰিছে ছাহজাহান, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্রসাদ দাসে৷ ক্রেয়ন ট্রী প্রডাকচনৰ বেনাৰত গীতা পাঠকে প্রযোজনা কৰা এই ছবিখনত অভিনয় কৰিছে বাহাৰুল ইছলাম, পাকিজা বেগম, প্রাঞ্জল শইকীয়া, সিদ্ধার্থ মুখার্জী, অৰুণ নাথ, চন্দন দাস, কমল লোচন, লনীশ্রী দাস, অসীম কৃষ্ণ বৰুৱা, প্রণামী বৰা আদিয়ে৷ তৰালি শর্মা, পলাশ সূর্য গগৈ, কুশল মির্জা আৰু অৰূপজ্যোতি বৰুৱাৰ সংগীতেৰে সমৃদ্ধ ছবিখনত গীত গাইছে অংগৰাগ পাপন মহন্ত, তৰালি শর্মা, দীক্ষু, নীল আকাশ আদিয়ে৷ ছবিখনৰ চিত্রগ্রহণকাৰী প্রয়াস শর্মা তামুলী আৰু সম্পাদনা ধীৰাজ মজুমদাৰৰ৷ অহা ২২ জানুৱাৰীৰ পৰা গুৱাহাটী মহানগৰীত আৰু ২৩ জানুৱাৰীৰ পৰা সমগ্র অসমৰ চুকে–কোণে ‘গৰু’ ৰাইজে চোৱাৰ ব্যৱস্থা কৰা হৈছে৷ আপোনাৰ অঞ্চলতো যদি ছবিখন চোৱাটো বিচাৰে, তেনেহ’লে মাথোঁ যোগাযোগ কৰিব পাৰে এই নম্বৰ দুটাত – ৭০০২৫–১০৯৭৬ আৰু ৭০০২২–৩৮৮৯৬৷ ছবিখনৰ সৈতে জড়িত সকলোৱে আশাবাদী যে ‘গৰু’ চিনেমাখনক অসমৰ ৰাইজে সঁহাৰি জনাব৷