নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুবছৰতে মৃত্যু সহস্রাধিক জন্তুৰঃ ডিএফঅ’ মৰিস্বামীৰ বিৰুদ্ধে সৰৱ চিৰিয়াখানা সুৰক্ষা মঞ্চ

নিয়মীয়া বার্তা,  ১৬ ফেব্রুৱাৰীঃ অসম ৰাজ্যিক চিৰিয়াখানাৰ ডি এফ অ’ তেজজ মৰিস্বামীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে চিৰিয়াখানা সুৰক্ষা মঞ্চ৷ অকল সৰৱ হৈ পৰাই নহয়, চিৰিয়াখানা সুৰক্ষা মঞ্চই আজি অনুষ্ঠিত এখন সংবাদ মেলত কেতবোৰ বিস্ফোৰক মন্তব্য উত্থাপন কৰে৷

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ নেতৃবৃন্দই সংবাদ মেলত কয় যে বর্তমানৰ ডি এফ অ’ তেজজ মৰিস্বামীয়ে ২০১৭ চনৰ ৫ মে’ত ডি এফ অ’ হিচাপে যোগদান কৰাৰ পাছৰে পৰা পাইকাৰী হাৰত জন্তুৰ মৃত্যু হৈছে৷

আজিৰ তাৰিখত জন্তুৰ মৃত্যুৰ সংখ্যা দুই সহস্রাধিক হৈছে যদিও ইয়াৰ কোনো তদন্ত কৰা নহ’ল৷ এই সময়ছোৱাৰ ভিতৰত মুক্ত বিচৰণত থকা প্রায় ৮০০ হৰিণ নোহোৱা হৈছে৷ ডি এফ অ’ তেজজ মৰিস্বামী আন্তঃৰাষ্ট্রীয় চোৰাং চিকাৰীৰ সৈতে জড়িত হৈ নিশাৰ আন্ধাৰত চিৰিয়াখানাৰ দুষ্প্রাপ্য বন্যপ্রাণীসমূহ সৰবৰাহ কৰি থকাৰ বিস্ফোৰক অভিযোগ আছে৷

যোৱা ১১ অক্টোবৰত লাচিত নগৰৰ ডাঃ জয়াদিত্য পুৰকায়স্থৰ বাসগৃহত বিভিন্ন প্রজাতিৰ সাপ, জেঠী আৰু ভেকুলীৰ বৃহৎসংখ্যক মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই এক গুৰুত্বপূর্ণ দিশ উন্মোচন কৰিছে৷ ইয়াৰ লগত ডি এফ অ’ তেজজ মৰিস্বামী জড়িত থকাটো প্রমাণ হৈছে বুলি দাবী কৰে চিৰিয়াখানা সুৰক্ষা মঞ্চই৷

সংগঠনটোৰ নেতৃবৃন্দই উল্লেখ কৰা মতে, যোৱা বছৰ যোৰাবাটত ৫ কোটি টকা মূল্যৰ বিভিন্ন বিলুপ্ত বন্যপ্রাণী আৰক্ষীয়ে চোৰাং চিকাৰীৰ পৰা জব্দ কৰি চিৰিয়াখানাত জমা দিয়াৰ পাছত সেইবোৰৰ মৃত্যু হৈছিল বুলি ডি এফ অ’ তেজজ মৰিস্বামীয়ে আৰ টি আইত জনোৱাৰ পাছতে বিষয়টো ৰহস্যজনক হৈ পৰিছে৷

কিন্তু ডাঃ পুৰকায়স্থৰ ঘৰত উদ্ধাৰ হোৱা বার্মিজ অজগৰটো যোৰাবাটত জব্দ কৰা বন্যপ্রাণীসমূহৰ ভিতৰত আছিল বুলিও চিৰিয়াখানা সুৰক্ষা মঞ্চই দাবী কৰে৷ চিৰিয়াখানা সুৰক্ষা মঞ্চই সংবাদ মেলত ডি এফ অ’ তেজজ মৰিস্বামীৰ বিৰুদ্ধে তথ্য লুকুৱাই ৰখা, জন্তুৰ খাদ্যৰ নামত ধন আত্মসাৎ কৰা, নিবিদা অবিহনে কাম কৰা আদিকে ধৰি বিভিন্ন অভিযোগ উত্থাপন কৰে৷

এক আৰ টি আইৰ তথ্যৰ উদ্ধৃতিৰে সংগঠনটোৰ তৰফৰ পৰা কোৱা হৈছে বিভিন্ন স্থানত পিঞ্জৰাবদ্ধ কৰা ২০টা নাহৰফুটুকী চিৰিয়াখানাত ৰখা হৈছিল৷ কিন্তু ডি এফ অ’ তেজজ মৰিস্বামীয়ে এই নাহৰফুটুকীকেইটা জংঘলত এৰি দিয়া বুলি কৈছে৷ কি নিয়মৰ অধীনত জংঘলত এৰি দিলে, তাৰ তদন্ত হ’ব লাগে৷

চিৰিয়াখানা সুৰক্ষা মঞ্চৰ আটাইতকৈ বিস্ফোৰক অভিযোগটো হ’ল– লকডাউনৰ সময়ত চিৰিয়াখানা দর্শনার্থীৰ বাবে বন্ধ ৰাখি সেই সময়ত উত্তৰ–পূর্বৰ বিভিন্ন অৰণ্যৰ পৰা ধৰি অনা বন্যপ্রাণীসমূহ চিৰিয়াখানালৈ আনি বাহিৰলৈ সৰবৰাহ কৰা হৈছে৷ যোৱা ১২ জানুৱাৰীত দুটা ঘোং, দুটা হাড়গিলা আৰু দুটা নলগাহৰি গুজৰাটত থকা আম্বানিৰ চিৰিয়াখানালৈ নীতি বহির্ভূতভাৱে পঠিয়াই দিয়া হৈছে৷ এই সমগ্র অভিযোগ সন্দর্ভত ৰাজ্য চৰকাৰক তদন্তৰ ব্যৱস্থা কৰিবলৈ চিৰিয়াখানা সুৰক্ষা মঞ্চই দাবী জনায়৷

You might also like