নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

SI পদৰ প্ৰশ্নকাকত ফাদিল, গ্ৰেপ্তাৰ ৩গৰাকী লোক, আৰক্ষীৰ জালত আৰু কোন কোন?

নিয়মীয়া বাৰ্তা, ২৩ ছেপ্টেম্বৰঃ অসম আৰক্ষীৰ SI পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ৩জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কুশল দাস, জুৱমী ব্ৰহ্ম আৰু হীৰকজ্যোতি বৰুৱা নামৰ লোক কেইজনক। গ্ৰেপ্তাৰ হোৱা হীৰকজ্যোতিও আছিল SI পদৰ পৰীক্ষাৰ এগৰাকী পৰীক্ষাৰ্থী

আনহাতে জেৰা অব্যাহত ৰাখিছে বিজেপিৰ যুৱনেতা দিবন ডেকাক। উল্লেখ্য যে দিৱন ডেকাৰ ছপাশালতে ছপা কৰা হৈছিল প্ৰশ্নকাকত। এই সন্দৰ্ভত আৰু বহু কেইজন গ্ৰেপ্তাৰ হোৱা সম্ভাৱনা ব্যক্ত কৰিছে আৰক্ষীয়ে।

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই আটক কৰিছে সঞ্জীৱ শৰ্মা নাম আন এজন লোকক। অভিযুক্ত সঞ্জীৱ শৰ্মাৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে SI পৰীক্ষাৰ প্ৰশ্নকাকত। লগতে জলসিঞ্চন আৰু বন বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকতো জব্দ কৰে আৰক্ষীয়ে।

এই চক্ৰটোত জড়িত মহানগৰীৰ গণেশগুৰিৰ থেংকিউ লজৰ চাৰি স্বত্বাধিকাৰীকো আটক কৰে আৰক্ষীয়ে। এই লজটোত পৰীক্ষাৰ এদিন পূৰ্বে গোপনে পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা পোহৰলৈ আহিছে। এই পৰীক্ষাত বহিছিল প্ৰায় ৫০জন লোক। আটক অলকেশ বৈশ্য, প্ৰাঞ্জল বৈশ্য, বিমল থাপা আৰু প্ৰণব বৰাক।

দেওবাৰে অনুষ্ঠিত হৈছিল SI পদৰ পৰীক্ষা। পৰীক্ষাৰ কেই মিনিটমানৰ পাছতেই  ছচিয়েল মিডিয়াত ফাদিল হৈছিল প্ৰশ্নকাকত। তাৰ পাছতেই ৰাজ্যজুৰি বাতিল কৰা হৈছিল লিখিত পৰীক্ষা। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল বহু যুৱক-যুৱতীয়ে আৰু এমাহৰ ভিতৰত পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছিল গৃহ বিভাগে।

 

You might also like