যোগীঘোপাত পৰিবহণ বিভাগৰ অভিযানঃ অভাৰলোড মাটি-বালি কঢ়িওৱা তিনিখন গাড়ী জব্দ
নিয়মীয়া বাৰ্তা , ১৭ মাৰ্চঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত যোগীঘোপাত ৰাষ্ট্ৰীয় ঘাই পথত আজি দুপৰীয়া বঙাইগাঁও জিলা পৰিবহণ বিভাগে অতিৰিক্ত বোজা কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে অভিযান চলায়। পৰিবহণ বিভাগে অভিযান চলাই অতিৰিক্তভাৱে মাটি আৰু বালি কঢ়িওৱা তিনিখন গাড়ী জব্দ কৰে। পৰিবহন বিভাগে মাটি কঢ়িওৱা বি পি-২-বি ০৯৫২ আৰু ডব্লিউ বি- ১১-ডি-২১০১ নম্বৰ দুখন ডাম্পাৰৰ লগতে বালি কঢ়িওৱা এ এছ১৯- ৫৬৫৩ নম্বৰ ট্ৰাক এখন জব্দ কৰা বুলি জনা গৈছে ।জানিব পৰা মতে, বঙাইগাঁও জিলা পৰিবহন বিভাগৰ এটা দলে আজি দুপৰীয়া যোগীঘোপাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অতিৰিক্ত ভাবে মাটি কঢ়িওৱা ডাম্পাৰ বিৰুদ্ধে অভিযান চলায় ।দলটোৰ উক্ত অভিযানত গোৱালপাৰা জিলাৰ পৰা অতিৰিক্ত ভাবে মাটি কঢ়িওৱা অনা দুখন ডাম্পাৰ গাড়ী জব্দ কৰে।আনহাতে দলটোৱে অতিৰিক্ত ভাবে বালি কঢ়িয়াই অনা এখন ট্ৰাকো জব্দ কৰে । উল্লেখ্য যে, গোৱালপাৰা জিলাৰ পৰা দিনে নিশাই অতিৰিক্ত ভাবে মাটি কঢ়িওৱাই অনা ডাম্পাৰ যোগীঘোপালৈ যাতায়াত অব্যাহত ৰাখিছে ।অভিযোগ মতে, গোৱালপাৰা জিলাৰ বিভিন্ন স্থানত একাংশ ভূ-মাফিয়াই দীৰ্ঘদিনৰ পৰা চৰকাৰী ৰাজহ ফাঁকি দি তথা অবৈধভাৱে পাহাৰত খনন চলাই ডাম্পাৰৰে যোগীঘোপালৈ সৰবৰাহ কৰি আহিছে। জনা মতে, গোৱালপাৰা জিলাৰ বিভিন্ন পাহাৰৰ পৰা অবৈধভাৱে মাটি খনন চলাই উক্ত স্থানৰ পৰা ডাম্পাৰৰে মাটি যোগীঘোপাত নিৰ্মাণ হৈ থকা মাল্টি মডেল লজিষ্টিক হাবলৈ সৰবৰাহ কৰি আহিছে। এই ক্ষেত্ৰত বিভাগীয় উৰ্দ্ধতন কতৃপক্ষই পৰবৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয়।
প্ৰেৰক টিংকু চন্দ্ৰ দাস