নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ১৪ ক’ভিড আক্রান্তৰ মৃত্যু

৩.৯% চতুর্থ দিনলৈ আক্রান্তৰ হাৰ নিম্নগামী

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ   সমগ্র দেশৰ লগতে অসমতো ক’ৰোনাৰ ভয়াৱহতা এতিয়াও অব্যাহত আছে৷ বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত ১৪গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈ মৃত্যুমুখত পৰে৷ ইয়াৰ লগে লগে ৰাজ্যখনত এতিয়ালৈ ক’ৰোনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭১১গৰাকীলৈ বৃদ্ধি পালে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটাৰযোগে জনোৱা অনুসৰি বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত হৈ ডিব্রুগড়ৰ ৰতন বকলীয়াল (৫৭), কমল থাপা (৫৩), পূর্ণ কোঁৱৰ (৭০), নিখিল ধৰ (৭৭), চৰাইদেউৰ মুহিবুল্লাহ আলী (৬০), কার্বি আংলঙৰ ভানু শর্মা (৬৪), কামৰূপ মেট্র’ৰ সংঘ ঘোষ (৭৮), মতপ্রকাশ তেণ্ডন (৮০), বিকাশ আগৰৱালা, চন্দ্র বালা দাস (৭১), যোৰহাটৰ পদুম চন্দ্র বৰা (৫৩), অঞ্জন শইকীয়া (৪৮), গোলাঘাটৰ মংগল দেৱ প্রসাদ (৬২) আৰু শিৱসাগৰৰ মুকুল নেওগ (৪৮)ৰ মৃত্যু হয়৷ মন্ত্রী ড০ শর্মাই আটাইকেইগৰাকী লোকৰ বিয়োগত গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে৷ ইপিনে বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত নতুনকৈ ১,৫৮৫গৰাকী লোক ক’ৰোনাত আক্রান্ত হয়৷ বৃহস্পতিবাৰে দিনটোত ৰাজ্যখনত ৩৯,৭৮০গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ দিনটোত আক্রান্তৰ হাৰ ৩.৯৮ শতাংশ৷ টুইটাৰত মন্ত্রী ড০ শর্মাই উল্লেখ কৰা অনুসৰি একেৰাহে চাৰিটা দিনত ৰাজ্যখনত আক্রান্তৰ হাৰ নিম্নগামী হৈছে৷ মন কৰিবলগীয়া এয়ে যে আজি আক্রান্ত হোৱাসকলকে ধৰি ৰাজ্যখনত এতিয়ালৈ মুঠ ১,৮২,৩৯৬গৰাকী লোক ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like