নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ২,৭৮১জন পজিটিভ

গোলাঘাটত সর্বাধিক ২৪৯জন আক্রান্ত

নিয়মীয়া বাৰ্তা ২৫ জুনঃ ৰাজ্যৰ ক’ৰোনা পৰিস্থিতি কিছু উন্নত হৈছে যদিও কেইবাখনো জিলাত এতিয়াও বৃদ্ধি হৈ আছে সংক্রমণ৷ ৰাষ্ট্রীয় স্বাস্থ্য মিছনে প্রকাশ কৰা অনুসৰি আজি ১,২৪,০১৯জন লোকৰ ক’ভিড টেষ্ট কৰাৰ পাছত ২,৭৮১জন লোক পজিটিভ ৰূপে চিনাক্ত হৈছে৷ আক্রান্তৰ হাৰ হ’ল ২.২৪ শতাংশ৷ সর্বাধিক আক্রান্ত হৈছে গোলাঘাট জিলাত৷ জিলাখনত বৃস্পতিবাৰে চিনাক্ত হোৱা আক্রান্তৰ সংখ্যা হ’ল ২৪৯জন৷ আনহাতে, শোণিতপুৰ জিলাত ২২৮জন, ডিব্রুগড় জিলাত ১৮২জন আৰু নগাঁও জিলাত ১৭৬জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷

ইফালে বৃহস্পতিবাৰে ক’ৰোনাত আক্রান্ত হৈ ৩৪জন লোকৰ মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ৫জন যোৰহাট জিলাৰ৷ কামৰূপ মহানগৰ, কার্বি আংলং, নগাঁও আৰু তিনিচুকীয়া জিলাত ৪জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চৰাইদেউ, দৰং, হোজাই জিলাত দুজন, বৰপেটা, ডিব্রুগড়, গোলাঘাট, কৰিমগঞ্জ, মৰিগাঁও, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত এজনকৈ লোক ক’ভিড আক্রান্ত হৈ মৃত্যু হৈছে৷ সংক্রমণৰ এনে বৃদ্ধিৰ বিপৰীতে আজি বিভিন্ন চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হৈ উভতিছে ৩,৬৪০জন লোক৷ অৱশ্যে এতিয়াও চিকিৎসাধীন হৈ আছে ২৯,৬৬৭জন লোক৷

উল্লেখ্য যে ৰাজ্যত চলি থকা বর্ধিত টিকাকৰণ অভিযানৰ চতুর্থ দিনা ১,৫২,৮৪৪জন লোকক ভেকচিন প্রদান কৰা হয়৷ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰা তথ্য অনুসৰি যোৱা ১৬ ফেব্রুৱাৰীৰ পৰা এতিয়ালৈকে মুঠ ৬৫,১৪,০৯৭জন লোকক প্রতিষেধক দিয়া হৈছে৷

You might also like