গুৱাহাটীত ভাৰত-অষ্ট্রেলিয়াৰ টি–২০ৰ টিকট বিক্রী আৰম্ভ
বিশেষ বাৰ্তা, ৯ নৱেম্বৰঃ গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অহা ২৮ নৱেম্বৰত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজত টি–২০ মেচ৷ অসম ক্রিকেট সন্থাই আজিৰ পৰা মেচখনৰ টিকট বিক্রী আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে৷ ক্রিকেট অনুৰাগীসকলে মেচখনৰ টিকট বুক মাই শ্ব’ৰ জৰিয়তে ক্রয় কৰিব পাৰিব বুলি অসম ক্রিকেট সন্থাই এক বিবৃতিযোগে জানিবলৈ দিছে৷ মেচখনৰ টিকট বিক্রী আজি পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব৷ টীম ইণ্ডিয়া আৰু অষ্ট্রেলিয়াৰ মাজৰ এই মেচখনৰ টিকটৰ সর্বাধিক মূল্য হ’ল ৪ হাজাৰ টকা৷ ইফালে, ছাত্র–ছাত্রীৰ বাবে ৫০০ ধার্য কৰা হৈছে৷ আনহাতে সাধাৰণ টিকটৰ মূল্য ৭৫০ টকাৰ পৰা আৰম্ভ হ’ব৷ অসম ক্রিকেট সন্থাই জনোৱা অনুসৰি ৱেষ্ট ষ্টেণ্ড ব্লক ই আৰু এফৰ প্রথম মহলাৰ টিকটৰ মূল্য ১৫০০ টকা, ৱেষ্ট ষ্টেণ্ড ব্লক ই আৰু এফৰ গ্রাউণ্ড ফ্ল’ৰৰ টিকটৰ মূল্য হ’ল ২০০০ টকা৷ ইষ্ট ষ্টেণ্ড ব্লক বিৰ দ্বিতীয় মহলাৰ টিকটৰ মূল্য হ’ল ৭৫০ টকা৷ ইষ্ট ষ্টেণ্ড ব্লক বিৰ প্রথম মহলা আৰু গ্রাউণ্ড ফ্ল’ৰৰ টিকটৰ মূল্য হ’ল ক্রমে ১৫০০ আৰু ২০০০ টকা৷ নর্থ ষ্টেণ্ড ব্লক জিৰ গ্রাউণ্ড ফ্ল’ৰ আৰু ব্লক এৰ গ্রাউণ্ড ফ্ল’ৰৰ মূল্য হ’ল ৩০০০ টকা৷ নর্থ ষ্টেণ্ড ব্লক জিৰ তৃতীয় মহলা আৰু ব্লক এৰ তৃতীয় মহলাৰ টিকটৰ মূল্য হ’ল ১৫০০ টকা৷ আনহাতে, ছাউথ ষ্টেণ্ড ব্লক চিৰ তৃতীয় মহলা আৰু ব্লক ডিৰ তৃতীয় মহলাৰ মূল্য হ’ল ১৫০০ টকা৷ ছাউথ ষ্টেণ্ড ব্লক চিৰ গ্রাউণ্ড ফ্ল’ৰ আৰু ব্লক ডিৰ গ্রাউণ্ড ফ্ল’ৰৰ টিকটৰ মূল্য হ’ল ৩০০০ টকা৷ ইফালে, ছাউথ ষ্টেণ্ড ব্লক চিৰ দ্বিতীয় মহলা আৰু ব্লক ডিৰ দ্বিতীয় মহলাৰ টিকটৰ মূল্য হ’ল ৪০০০ টকা৷
#বাৰ্তা ডেস্ক