নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণাচলৰ পৰা অব্যাহত চোৰাং কাঠৰ সৰবৰাহ! ডিব্ৰুগড়ত দুৰ্ঘটনাত পতিত কাঠৰ ট্ৰাক

  • উচ্চতম ন্যায়লয়ৰ নিৰ্দ্দেশনাক,ভেঙুচালি!

নিয়মীয়া বাৰ্তা, ২০মাৰ্চ: উজনিত বৰ্তমানেও অব্যাহত আছে কাঠৰ ৰমৰমীয়া ব্যৱসায়।চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা অব্যাহত আছে চোৰাং কাঠৰ ব্যৱসায়।আৰক্ষী আৰু বন বিভাগৰ লোকৰ চকুত ধুলি মাৰি এতিয়াও উজনিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে কাঠ কয়লাৰ চোৰাং কৰিডৰ।আজি বহু মূল্যবান কাঠ কঢ়িয়াই নিয়া এখন ১৬ চকাৰ ট্ৰাক ডিব্ৰুগড়ৰ খনিকৰত বাইপাছতে বাগৰি পৰে নিয়ন্ত্ৰণ হেৰুৱাই।তীব্ৰ বেগত যোৱা বাবেই ডিব্ৰুগড় খনিকৰ বাইপাছত বাগৰিল কাঠ ভৰ্তি পঞ্জাৱবডী ট্ৰাক খন।অৱশ্যে এই দুৰ্ঘটনাত কোনো লোক আহত হোৱা নাই যদিও ট্ৰাকখন যথেষ্ট পৰিমাণে ক্ষতিসাধন হোৱাৰ লগতে কাঠ সমূহ পথৰ ওপৰতে বাগৰি পৰে।AS01NC9879 নম্বৰৰ বাহনখন অৰুণাচলৰ পৰা মংগলদৈ অভিমুখে গৈছিল যদিও কাঠ সমূহৰ বৈধ অনুজ্ঞাপত্ৰ আছিল নে নাই সেয়া স্পষ্ট হোৱা নাই।ঘটনা স্থলিত বন বিভাগৰ লোক উপস্থিত হৈ নথি- পত্ৰ বিছাৰে যদিও ঘটনা স্থলিত চালকে দিবলৈ সক্ষম নহল যদিও পৰৱৰ্তী সময়ত ডিব্ৰুগড় বনাঞ্চলিক বিষয়া কাৰ্যলয়ত নথি পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ডিব্ৰুগড়ৰ বন বিভাগে কাঠ সমূহৰ বৈধতা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে, ডিব্ৰুগড় তিনিচুকীয়া একাংশ সংগঠন আৰু আৰক্ষী, বনবিভাগক সৈতে ভিতৰুৱা বুজাবুজি জৰিয়তে অৰুণাচল প্ৰদেশৰ চোৰাং কাঠ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হৈ আহিছে বিভিন্ন প্ৰান্তৰলৈ।তদুপৰি বিভিন্ন সময়ত এনে কাঠভৰ্তী ট্ৰাক দূৰ্ঘটনাগ্ৰস্ত হলে নিশাটো ভিতৰতে বৈধ্যতাৰ প্ৰমাণ পত্ৰ উলোৱা বিষয়টোৱে ৰহস্য সৃষ্টি কৰি আহিছে।ইপিনে একাংশ দুস্কৃতিকাৰীৰ কবলত ডিব্ৰু ছৈখোৱা আৰু জয়পুৰ বৰ্ষাৰণ্য ৰ বহু মূল্যবান গছ কাটি তহিলং কৰাৰ অভিযোগ উৎথাপিত হৈ আহিছে যদিও বনদশ্যক নাকী লগোৱাৰ ক্ষেত্ৰত বনবিভাগ সম্পূৰ্ণ বিফল হৈ আহিছে।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like