নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাবি-জংঘলৰ মাজত টিংৰাই পুথিভঁৰাল

নিয়মীয়া বাৰ্তা, ১৯ জুলাই : তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাইৰ এটা পুথিভঁৰালে সচেতন ৰাইজৰ চকু কপালত তুলিছে। বৃহত্তৰ টিংৰাই অঞ্চলৰ একমাত্ৰ ৰাজহুৱা পুথিভঁৰালটো দীৰ্ঘদিন ধৰি হাবি-বননিয়ে ঢাকি পেলোৱা দেখা গৈছে। কংগ্ৰেছ চৰকাৰৰ অন্তিমটো কাৰ্যকালত তেতিয়াৰ ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰা পুথিভঁৰালটোৰ প্ৰায় ৯০ শতাংশ কাম কৰিও পুথিভঁৰালটো সম্পূৰ্ণকৈ নিৰ্মাণ কৰা নহল। দীৰ্ঘদিন ধৰি পৰিত্যক্ত অৱস্থাত থকা পুথিভঁৰালটোৰ চাৰিওফালে হাবি বননিয়ে আগুৰি ধৰিলে। গভীৰ বনাঞ্চলৰ মাজত থকা এটা জয়াল ভূতৰ ঘৰ যেন দেখি এই পুথিভঁড়ালটো। ডিগবৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দুৰ্লভ চেতিয়াই পৰিদৰ্শন কৰি জ্ঞানৰ পোহৰ বিলোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পুথিভঁৰাল টোৰ এনে অদ্ভুত অৱস্থা দেখি উদ্বেগ প্ৰকাশ কৰে। কিয় পুথিভঁৰালটো অৰ্ধনিৰ্মিত অৱস্থাত থাকি গ’ল তাৰ তদন্ত ৰ দাবী তুলে ছাত্ৰনেতাজনে। এই পুথিভঁৰালটোৰ কাষতে কেইবাখনো শিক্ষানুষ্ঠান, নামঘৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ, ষ্টেডিয়াম থকাত পুথিভঁৰালটোও সক্ৰিয় হোৱাতো অতি জৰুৰী বুলি উল্লেখ কৰি আছু নেতা চেতিয়াই শীঘ্ৰে ইয়াৰ যাৱতীয় নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি স্থানীয় ছাত্ৰ-ছাত্ৰী তথা গ্ৰন্থপ্ৰেমী ৰাইজ উপকৃত হব পৰাকৈ শীঘ্ৰে মুকলি কৰিবলৈ চৰকাৰক দাবী জনাইছে।
প্ৰেৰক ৰমণী বুঢ়াগোহাঁই
You might also like