নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিচুকীয়াৰ ৯১ বছৰীয়া স্নেহলতা দত্তই জয় কৰিলে ক’ৰোনা

ৰাজ্যত ২৪ ঘণ্টাত আক্রান্ত ৫,৮৩৫–মৃত ৭৩

নিয়মীয়া বাৰ্তা ১৯ মেঃ ক্রমশঃ জটিল ৰূপ ধাৰণ কৰা ক’ভিডে আতংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ নিতৌ বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যাই বুকু কঁপাই তুলিছে ৰাজ্যৰ প্রতিজন লোকৰ৷ ইয়াৰ মাজতে আশাৰ বতৰা কঢ়িয়াই আনিছে তিনিচুকীয়াৰ ৯১  বছৰীয়া এগৰাকী মহিলাই৷ প্রবল ইচ্ছাশক্তি আৰু চিকিৎসক–নার্ছৰ যত্নত ক’ভিডক যে পৰাস্ত কৰিব পাৰি তাৰ উদাহৰণ দাঙি ধৰিছে স্নেহলতা দত্তই৷ ক’ভিডৰ লক্ষণে দেখা দিয়াৰ পিছতে তেওঁক পৰীক্ষা কৰাত ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰে৷ পৰৱর্তী সময়ত তিনিচুকীয়াৰ ম’হখুলি মডেল হাস্পতালত ভর্তি কৰোৱা হৈছিল বৃদ্ধাগৰাকীক৷ কেইবাদিনো ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷ সম্প্রতি সুস্থ এইগৰাকী বর্ষীয়ান মহিলাৰ কাহিনী এতিয়া বহু ক’ৰোনা ৰোগীৰ বাবে হৈ পৰিছে অনুপ্রেৰণা৷

মঙলবাৰে হাস্পতালৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত সংশ্লিষ্ট চিকিৎসক–নার্ছসক তেওঁক এখন ফুলাম গমোচাৰে সম্বর্ধনা জনায়৷ সমান্তৰালভাৱে কোকৰাঝাৰৰ ৰূপনাথ ব্রহ্ম অসামৰিক চিকিৎসালয়ত এগৰাকী ক’ভিড পজিটিভ মাতৃয়ে জন্ম দিয়ে এটা সন্তান৷ বর্তমান নৱজাতকটি সম্পূর্ণ সুস্থ বুলি জানিব পৰা গৈছে৷

ইফালে, ৰাজ্যত কিছু পৰিমাণে হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ মঙলবাৰে আক্রান্তৰ হাৰ হৈছে ৬.৪৭ শতাংশ৷ বিগত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৫,৮৩৫জন লোক৷ মুঠ নমুনা পৰীক্ষা কৰা হৈছে ৯০,২৫১টা৷ আক্রান্তসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ৯২১জন৷ তদুপৰি নগাঁৱত ৪৫১জন, ডিব্রুগড়ত ৪৪৫জন আৰু কামৰূপ জিলাত ৪১০জন লোক ক’ভিডত আক্রান্ত হৈছে৷

সমান্তৰালভাৱে  ক’ভিডত মৃত্যু হৈছে ৭৩জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ১৬জনেই কামৰূপ মহানগৰ জিলাৰ৷ সেইদৰে কামৰূপ জিলাত ৭জন, কাছাৰ–ডিব্রুগড়ত ৬জনকৈ, হোজাই–শোণিতপুৰত ৫জনকৈ, বৰপেটাত চাৰিজন, দৰং–নগাঁৱত তিনিজনকৈ, বাক্সা–বঙাইগাঁও–গোলা দুজনকৈ আৰু বিশ্বনাথ–গোৱালাপাৰ্ আংলং–মৰিগাঁও–তিনি এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷ আজি ক’ভিডৰ পৰা সুস্থ হোৱা ৰোগীৰ সংখ্যা ৪,৩১১জন৷ সম্প্রতি বিভিন্ন চিকিৎসালয় আৰু হোম আইছ’লেচনত থকা ৰোগীৰ সংখ্যা হৈছে ৪৬,৩৯৩জন৷

You might also like