নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ আজি পুৱাই তিনিচুকীয়া সদৰ থানা আৰু পেঙেৰীৰ আৰক্ষীয়ে মাকুমৰ কুখ্যাত তেল চোৰ জীতেন গগৈক আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজানৰ নিৰাপত্তাৰক্ষীৰ দায়িত্বত থকা তিলেশ্বৰ শইকীয়াৰ নেতৃত্বত যোৱা দল এটাই যোৱা ১৪ জুলাইৰ পুৱতি নিশাই চোৰাং তেলচক্ৰৰ বিৰুদ্ধে অভিযান চলাই ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱা তেল ভৰ্তি এ এছ্ ০১-চিচি ৫৪২৩ নম্বৰৰ টেংকাখন জব্দ কৰাৰ লগতে বাহনখনৰ চালকক গ্ৰেপ্তাৰ কৰিছিল। উল্লেখ্য যে অইলৰ নিৰাপত্তাৰক্ষী দলটোৰ পৰা বাছিবলৈ টেংকাৰখন ডিব্ৰুগড়ৰ দিশে তীব্ৰ গতিত আগ বাঢ়ে যদিও নিৰাপত্তাৰক্ষীৰ দলটোৱে মাকুম বাইপাছৰ পৰা অনুসৰণ কৰি পানীতোলা আৰক্ষী চকীৰ সমীপত আগভেটি ধৰিবলৈ সক্ষম হয়। উক্ত চোৰাং খাৰুৱা তেলভৰ্ত্তি টেংকাৰখনক এচকৰ্ট দি নিছিল এখন ৰঙা ৰঙৰ মাৰুটী বেলেন’ বাহনে। অইলৰ নিৰাপত্তাৰক্ষী দলটোৰ চকুত ধুলি দি পলাই যাবলৈ সক্ষম হৈছিল কুখ্যাত তেলচোৰ বুলি সৰ্বত্ৰে জনাজাত জেল ফেৰৎ মাকুম নিৱাসী জিতেন গগৈ(৪৪)। এ এছ্ ২৩ ৱাই ৪৫৪৬ নম্বৰৰ ৰঙা বৰণৰ বেলেন’ বাহনসহ পলাই গৈ তেল চোৰ চক্ৰৰ নায়ক জীতেন গগৈয়ে পেঙেৰী থানাৰ অন্তৰ্গত দুৱাৰমৰা আদৰ্শ গাঁও নিৱাসী অচ্যুৎ ঢেকীয়াল ফুকন ওৰফে চুচনৰ ঘৰত আত্মগোপন কৰি আছিল। সম্পৰ্কত জীতেন গগৈ আৰু অচ্যুৎ ঢেকীয়াল ফুকন ককাই- ভাই। আজি পুৱা তিনিচুকীয়া সদৰ থানাৰ অ’ চি নিতুল দাস আৰু পেঙেৰী থানাৰ অ’ চি শ্ৰীকুমাৰ নেওগৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অচ্যুৎ ঢেকীয়াল ফুকনৰ ঘৰত তালাচী চলাইছিল যদিও ইতিপূৰ্বে বাহনসহ জীতেন গগৈ তাৰ পৰা পলাই যায়। আৰক্ষীৰ দলে অচ্যুতক লৈ জীতেন গগৈক অনুসৰণ কৰি গৈ নিকটৱৰ্তী জাহাজগিৰা গাঁৱৰ পথত লগ পায়গৈ যদিও বাহন এৰি জীতেন গগৈ পথাৰে পথাৰে দৌৰি পলাবলৈ চেষ্টা কৰে। খেদি গৈ আৰক্ষীৰ দলে জীতেন গগৈক আটক কৰি বাহন সহ তিনিচুকীয়ালৈ লৈ যায়।