উজনিত কাঠৰ বৃহৎ ছিণ্ডিকেটঃকাঠমাফিয়াৰ ভাবুকিত অসুস্থ ৰেঞ্জাৰ
নিয়মীয়া বাৰ্তা, ২২ জুনঃ তিনিচুকীয়া জিলাৰ অসম- অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী বৰডুমচা আৰু ডিৰাক গেটেদি নিতৌ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ মূল্যবান অবৈধ কাঠ সৰবৰাহ হৈ থকাৰ কথাটো সৰ্বজন বিদিত।
দেশজুৰি চলি থকা কেইবাটাও পৰ্যায়ৰ লকডাউনৰ সুযোগ লৈ একাংশ বন মাফিয়াই বন ধ্বংস কাৰ্যত লিপ্ত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে। ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত বৰ্তমানৰ খাটাংপানী (পেঙেৰী) বনাঞ্চলিক বিষয়া হীৰেন মেদকৰ নেতৃত্বতেই জব্দ কৰা হৈছে ১৩ খনকৈ সৰু-বৰ কাঠভৰ্তি বাহন। শেহতীয়াকৈ যোৱা ২০ জুন তাৰিখে পুৱতিনিশা প্ৰায় ২-৪০ বজাত এক টেলিফোনিক খবৰৰ ভিত্তিত খাটাংপানী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত যোৱা এটা দলে পেঙেৰী-বৰডুমচা পথৰ পৰা জব্দ কৰে এন এল ০১ এ বি ৩৮৪৯ নম্বৰৰ কাঠভৰ্তি এখন পাঞ্জাৱ বডী ট্ৰাক। ইয়াৰ পূৰ্বে যোৱা ৬ জুনৰ পুৱতিনিশাও একেধৰণৰ এটা ফোন কলৰ ভিত্তিত পেঙেৰীৰ খাটাংপানী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া হীৰেন কুমাৰ মেদকৰ নেতৃত্বতেই অভিযান চলাই চাৰিজন ব্যক্তিসহ দুখন কাঠভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হৈছিল।
নিয়মীয়া বাৰ্তাৰ অনুসন্ধান মতে ২০ জুন তাৰিখে জব্দ কৰা গাড়ীখনৰ কাঠখিনিৰ ব্যৱসায়ৰ স’তে জড়িত আছিল কাকপথাৰৰ গোবিন সোণোৱাল, লক্ষী নেওগ আৰু প্ৰফুল্ল মৰাণ। তেওঁলোকে খাটাংপানী বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ আহি গাড়ীখন মুকলি কৰি দিবলৈ সৰ্বতোপ্ৰকাৰৰ চেষ্টা চলাই ব্যৰ্থ হৈছিল। বনাঞ্চলিক বিষয়াই তাৎক্ষণিকভাৱে অ’চিলৈ লিখা এখন পত্ৰসহ পেঙৰী থানাৰ জিম্মালৈ প্ৰেৰণ কৰে কাঠভৰ্তি গাড়ীখন। কিন্তু আমোদজনক কথাটো হ’ল এই তিনিজন মাফিয়াই দীৰ্ঘদিনীয়া এক ৰহস্য ফদিল কৰি কৰি দিয়ে। ফাদিল হোৱা ৰহস্যটো হ’ল তালাপ- ডাঙৰী অঞ্চলৰ মোহন সোণোৱালে নিজকে ৰাজনৈতিক নেতাৰ মানুহ বুলি পৰিচয় দি দীৰ্ঘদিনৰ পৰা কাথা (খয়েৰ) কাঠ আৰু অন্যান্য মূল্যৱান কাঠৰ ছিণ্ডিকেট চলাই আছে। তেওঁ নিজে খয়েৰ কাঠৰ অবৈধ বেচা চলাই নিয়াৰ উপৰি অন্যান্য সকলক ডিব্ৰুগড় জিলা পৰ্যন্ত নিষ্কণ্টক ভাৱে পাৰ কৰাই দিবলৈ কমিচন লয় ১ লাখ টকা। ইফালে অন্যান্য কাঠ মাফিয়াসকলেও তেওঁৰ সন্মতি সাপেক্ষেহে কাঠৰ ব্যৱসায় কৰিব পাৰে। তাৰ বাবদ প্ৰতিখন কাঠভৰ্তি ট্ৰাকৰ পৰা ৩০ হাজাৰৰ পৰা ৫০ হাজাৰলৈকে ছিণ্ডিকেট মাচুল লয় মোহন সোণোৱালে। এই কাৰ্যত নাৰাজ হ’লেই তেওঁ টেলিফোন যোগে সংশ্লিষ্ট বন বিষয়াক অবৈধ কাঠ সৰবৰাহ সন্দৰ্ভত জনাই দি জব্দ কৰায়। ফোন কল কিন্তু মোহন সোণোৱাল হিচাপে নকৰে, বৰঞ্চ তিনিচুকীয়াৰ উপায়ুক্ত কিম্বা উপায়ুক্তৰ ব্যক্তিগত সচিব নতুবা সাংবাদিক- প্ৰকৃতিপ্ৰেমীৰ পৰিচয়েৰে সংশ্লিষ্ট বন বিষয়ালৈ ফোন কৰে। সচৰাচৰ ব্যৱহাৰ কৰা মোবাইল নম্বৰটো হ’ল ৭০৮৬৯৯৪৭৪৭। খবৰ অনুসৰি এই ক্ষেত্ৰত পূৰ্ণ সহযোগ আগবঢ়ায় মোহন সোণোৱালৰ ভাগিন মানস প্ৰতিম শইকীয়াই। উক্ত দিনা জব্দকৃত ট্ৰাকখনৰে জড়িত গোবিন, লক্ষী আৰু প্ৰফুল্লই গাড়ীখনৰ মুক্তিৰ স্বাৰ্থত মোহন সোণোৱালক পেঙেৰী পৰ্যন্ত পোৱাইহি। কিন্তু মেকুৰীৰ ডিঙিত টিলিঙা পিন্ধায় কোনে। যাৰ ফলত ৰক্তচাপত অসুস্থ হৈ বনাঞ্চলিক বিষয়া মেদক সম্প্ৰতি চিকিৎসাধীন হৈ থাকিব লগা হৈছে।
উল্লেখ্য যে লকডাউনৰ সুযোগ লৈ সমাজৰ এচাম দুষ্কৃতিকাৰীয়ে তিনিচুকীয়া জিলাৰ বনাঞ্চলসমূহত বনজ সম্পদৰ ধ্বংসযজ্ঞ অব্যাহত ৰখাৰ সমান্তৰালকৈ অসম আৰু অৰুণাচল প্ৰদেশৰ আৰক্ষী থানা আৰু বন বিষয়াৰ কাৰ্যালয়ৰ সমুখেদি অৰুণাচল প্ৰদেশৰ পৰা দৈনিক বীম আকাৰৰ মূল্যৱান কাঠৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে। প্ৰায় প্ৰতিদিনেই ভি আই পি এণ্ট্ৰীৰ জৰিয়তে কাঠৰ অবাধ ব্যৱসায় অব্যাহত আছে যদিও শেহতীয়াকৈ চাৰিজন ব্যক্তিসহ তিনখন কাঠভৰ্তি ট্ৰাক জব্দ কৰাৰ ঘটনা দুটাই উক্ত অভিযোগক সত্য প্ৰমাণিত কৰিলে। বিশ্ব পৰিৱেশ দিৱসৰ পাছদিনাই, অৰ্থাৎ ৬ জুন তাৰিখৰ ঘটনাটোত ডুমডুমাৰ মহম্মদ চেলিম (৪৫), ধেমাজিৰ গজেন গোৱালা (২১), কাছাৰৰ সুৰঞ্জন শৰ্মা (২৯) আৰু ডুমডুমা- ৰূপাইৰ ৰাজু বড়া (৩৯) নামৰ চাৰি চালক-হেণ্ডিমেনসহ জব্দ কৰা কাঠ পৰিবাহী ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ আছিল এ এছ ২৩ এ চি ৭৩২৮ আৰু এ এছ ০১ এফ চি ৪৩৯৫। ধৃত যুৱককেইজনৰ মতে জনৈক প্ৰণৱ সোণোৱালৰ হৈ অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ অবৈধভাৱে কাঠখিনি পৰিবহণ কৰিছিল। বন বিভাগৰ এ এফ আৰ এক্ট/ ১৮৯১ৰ ২৪/ ২৫/ ৪০/ ৪১/ ৪৯ অধীনত অফেঞ্চ নং ২ আৰু ৩/ ২০২০ আৰু মাৰ্ঘেৰিটা আদাললতৰ চি আৰ্ / ২০২০ নম্বৰত গোচৰ পঞ্জীভূক্ত কৰি পুঠি- খলিহনাসদৃশ ধৃত চাৰি ব্যক্তিক ন্যায়িক জিম্মালৈকো প্ৰেৰণ কৰা হ’ল। আছুৰ কেন্দ্ৰীয় আৰু জিলা সমিতিয়ে যিমানেই প্ৰতিক্ৰিয়া প্ৰকাশ নকৰক কিয় কাঠৰ অবৈধ বেহাৰ আঁৰত মোহন সোণোৱালৰ দৰে হাইপ্ৰফাইল মাফিয়াৰ উপৰি জিলাখনৰ কেইবাটাও ছাত্ৰ সংগঠন আৰু শাসক দলৰ নেতা-পালি নেতাবিশেষো জড়িত আছে। ইফালে অৰুণাচল প্ৰদেশৰ ডিৰাক গেট অতিক্ৰম কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথেদি সঘনাই যাতায়াত কৰে অবৈধ আৰু সন্দেহজনক টি পি যুক্ত বীম আকাৰৰ কাঠৰ ট্ৰাক। অভিযোগ মতে মোহন সোণোৱাল, ৰাজু মেধি আদি মাফিয়াৰ উক্ত অবৈধ কাঠৰ ট্ৰাকসমূহক কাকপথাৰ বনাঞ্চলিক বিষয়াৰ দ্বাৰা প্ৰদান কৰা এক পত্ৰৰ জৰিয়তে বৈধতা প্ৰদান কৰা হয় আৰু উক্ত বোজাই বাহনসমূহ ডিৰাক গেটৰ পৰা তিনিচুকীয়া জিলা পাৰ কৰাই দিয়াৰ দায়িত্বত থাকে কাকপথাৰৰ লাজুম গাঁৱৰ কল্যাণ তালুকদাৰ৷ উল্লেখ্য যে মাজেমধ্যে প্ৰদৰ্শন কৰা কাঠ পৰিবহনৰ নথি-পত্ৰসমূহো সন্দেহৰ উৰ্ধত নহয় বুলি জানিব পৰা গৈছে।