নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ তিতাবৰ সীমান্তৱৰ্তী নগাবাটত যোৰহাট আৰু বৰহোলা আৰক্ষীয়ে অভিযান চলাই বুবুল চুতীয়া নামৰ এজন ব্যক্তিক অবৈধ মাৰনাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত নিশা প্ৰায় ১০.৩০ বজাত যোৰহাট আৰু বৰহোলা আৰক্ষীৰ দলটোৱে নগাবাট মিলনভূমি গাঁৱৰ বুবুল চুতীয়াৰ ঘৰত অভিযান চলাই এটা পইণ্ট ২২ বল্ট এক্সন ৰাইফল জব্দ কৰে। ৰাইফলটো বুবুল চুতীয়াই দুজন ব্যক্তিক এক লাখ টকাত বিক্ৰী কৰিবলৈ যো-জা চলোৱাৰ অৱস্থাতে আৰক্ষীয়ে কৌশলেৰে জালত পেলায়। মাৰনাস্ত্ৰটো ক্ৰয় কৰিবলৈ অহা এজন গোলাঘাট আৰু আনজন নাগালেণ্ডৰ লুঙিডাং বস্তিৰ বুলি জানিব পৰা গৈছে। উক্ত দুয়ো ব্যক্তি আৰক্ষী উপস্থিতিৰ উমান পাই আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে। ইফালে বুবুল চুতীয়াক আৰক্ষীয়ে মাৰনাস্ত্ৰ সহ হাতে লুটে গ্ৰেপ্তাৰ কৰি ১১০/২০২০ নং গোচৰত জে’লৰৈ প্ৰেৰণ কৰিছে। বুবুল চুতীয়াই দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চোৰাং কাঠ-কয়লা সৰবৰাহত জড়িত হৈ থকাৰ কথা জানিব পৰা গৈছে। উল্লেখ্য যে তিতাবৰ সীমান্তৰ গাতে লাগি থকা নাগালেণ্ডৰ পাহাৰত কয়লা খনন কৰি অসমৰ মাজেৰে চোৰাংভাবে সৰবৰাহ কৰা আৰু পাহাৰৰ দাঁতিত কাঠফলা মিল স্থাপন কৰি অবৈধ ব্যৱসায় চলাই অহা একাংশ লোকৰ সহযোগত বৰ্তমান সীমান্তৱৰ্তী নগাবাট, বেকাজান, বালিজান, শিলডুবি, পানীখেতি, বৰহোলা আদি অঞ্চলত অবৈধ মাৰণাস্ত্ৰ ক্ৰয়-বিক্ৰয়ৰ এখন মুক্ত বজাৰ গঢ় লোৱাৰ অভিযোগ উঠিছে। সাধাৰণ নগালোক আৰু নগা উগ্ৰপন্থীৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখি চক্ৰটোৱে অতি কম মূল্যতে বিভিন্ন প্ৰকাৰৰ মাৰণাস্ত্ৰ ক্ৰয় কৰি আনি অসমৰ বিভিন্ন প্ৰান্তত অধিক মূল্যত বিক্ৰী কৰে। অনুজ্ঞাপত্ৰ বিহীন এনে মাৰনাস্ত্ৰ মজুত ৰখাৰ কথা স্থানীয় আৰক্ষী প্ৰশাসনৰ সম্পূৰ্ণৰূপে জ্ঞাত যদিও দীৰ্ঘদিনীয়া গুৰুত্বহীনতাই ৰাইজক চৰম নিৰাপত্তাহীনতাত ভূগাইছিল। পৰিতাপৰ বিষয় এয়ে যে, সীমান্ত অঞ্চলটোত মূলত নগাৰাজ্যক কেন্দ্ৰ কৰিয়েই ড্ৰাগছ, সুৰা আৰু গাড়ী চুৰৰ বেহাৰ জৰিয়তে একাংশ লোকে ধনৰ পাহাৰ গঢ়াৰ বিপৰীতে একো একোটা প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিছে বুলি সচেতন মহলে মতপোষণ কৰিছে। শেষতীয়াকৈ যোৰহাট জিলাৰ আৰক্ষী প্ৰশাসনে অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নগাবাটত চলোৱা অভিযানক সীমান্তৱৰ্তী ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে মাৰণাস্ত্ৰৰ বেহা চলাই অহা এই বৃহৎ গেংটো সম্পূৰ্ণৰূপে নিঃশেষ কৰিবলৈ আহ্বান জনাইছে।