তিৱা সাহিত্য সভাৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ বাৰপূজীয়াৰ আকাশ-বতাহ
নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ বাৰপূজীয়াৰ ৪২ৰ শ্বহীদ হেমৰাম পাটৰ ক্ষেত্ৰত অনুষ্ঠিত হৈ থকা তিৱা সাহিত্য সভাৰ দ্বাদশ সাধাৰণ অধিৱেশন আজি মুখৰ হৈ পৰে বৰ্ণিল সংস্কৃতিৰে। তিৱা সাহিত্য সভাৰ সভাপতি লালচিং মাদাৰৰ সভাপতিত্বত অনুষ্ঠিত আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা সাহিত্য সভাৰ আদৰণী সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা মুকলি সভাত উপস্থিত থাকে তিৱা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈ, অসম চৰকাৰৰ বিত্ত সঞ্চালক হেমন্ত কুমাৰ দেউৰী , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, বিশিষ্ট সাহিত্যিক মিলেশ্বৰ পাটৰ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা , বিশিষ্ট সাহিত্যিক , নিবন্ধকাৰ , গৱেষক শান্তনু কৌশিক বৰুৱা, ২০২১ চনৰ সাহিত্য অকাডেমী ভাষা সন্মান বঁটা প্ৰাপক হৰচিং খলাৰ , তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাৰ লগতে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্যসকলৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ আনহাতে সন্ধিয়াৰ ভাগত তিৱা সকলৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷
আনহাতে পুৱা সমগ্ৰ বাৰপূজীয়া প্ৰায় ১০ কিলোমিটাৰ বিস্তৃত অঞ্চলজুৰি বৰ্ণিল বৰ্ণাঢ়্য সাংস্কৃতিক শোভাযাত্ৰাই মুখৰিত হয় অধিৱেশনস্থলীৰ পৰা উলিওৱা শোভাযাত্ৰাত তিৱা লোকসংস্কৃতিৰ সমাহাৰৰ উপৰি সত্ৰীয়া, তথা শংকৰী ক’লা সংস্কৃতি, বড়ো, মিচিং, কাৰ্বি, ডিমাছা, নেপালী আদি বিভিন্ন জনগোষ্ঠীয় কলা-সাংস্কৃতিক দলে অংশগ্ৰহণ কৰি শোভাযাত্ৰা বৰ্ণময় কৰি তোলে। এই জাতি জনগোষ্ঠীৰ বৰ্ণাঢ়্য সাংস্কৃতিক শোভাযাত্ৰা খনি শুভ উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা আদৰণী সমিতিৰ সভাপতি ৰমাকান্ত দেউৰীয়ে। ইফালে অধিৱেশল স্থলীৰ পৰা বাৰপূজীয়া তিনিয়ালী আৰু ৰহা হাতীবন্ধা ডুবিলৈ তিৱাসকলৰ বাঁহ সংস্কৃতিৰ লাংখুনৰ নান্দনিক দৃশ্যই সকলো শ্ৰেণীৰ ৰাইজক আকৰ্ষিত কৰে ৷
উল্লেখযোগ্য যে কাইলৈ সামৰণী মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা , স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত , জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাকে প্ৰমূখ্য কৰি বহু মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰিব ৷ লগতে নিশাৰ ভাগত অনুষ্ঠিত হ’ৱ লগা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে গীতৰ শৰাই আগবঢ়াৱ ৷
প্ৰেৰক মানস নাথ