নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোন হ’ব তিৱা স্বায়ত্ব পৰিষদৰ CEM? আৰম্ভ জল্পনা-কল্পনা

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত তিৱা স্বায়ত্ব পৰিষদৰ তৃতীয় সাধাৰণ নিৰ্বাচনত বিজেপি দলে প্ৰায় নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰা পাছত এতিয়া আৰম্ভ হৈছে চি ই এমৰ আসনকলৈ নতুন খেল। বিগত কাৰ্যকালত বিজেপি দলে পৰিষদ দখল কৰিছিল যদিও মুখ্য কাৰ্যবাহী সদস্য পদৰ আসনক কেন্দ্ৰ কৰি হোৱা সংঘাটৰ বাবে বিজেপিৰ সদস্যই পৰিষদখনত গুৰুত্বহীন হৈ পৰিছিল।তেনেকৈ কাৰ্যকাল শেষ হোৱাৰ পাছত শেহতীয়াকৈ যোৱা ১৭ ডিচেম্বৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি দলে মুঠ ৩৬ খন আসনৰ ভিতৰতে ৩৩খনত আৰু অগপই ২ খন আৰু কংগ্ৰেছ দলে এখন আসন লাভ কৰি নিৰ্বাচিত হয়।কিন্তু এই বৃহত সফলতাৰ পাছত বিজেপি দলত মুখ্য কাৰ্যবাহী পদটোক লৈ চলিছে ব্যাপক চৰ্চা।কিন্তু কোন অধিষ্ঠিত হ’ব এই চৰ্চিত মুখ্যকাৰ্যবাহী পদত?

উল্লেখ্য যে তিৱা স্বায়ত্ব পৰিষদত মৰিগাঁও বিধায়ক ৰমাকান্ত দেউৰীৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱৰ বাবে নিজৰ পছন্দৰ লোকক মুখ্যকাৰ্যবাহী সদস্য হিচাপে বিচাৰিব যদিও এতিয়াও ধূসৰ হৈ আছে এই প্ৰতিচ্ছবি। উল্লেখ্য যে, মৰিগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ টাকৈ পৰিষদীয় সমষ্টিত বিধায়ক ৰমাকান্ত দেউৰীৰ নেতৃত্বত নিৰংকুশ বিজয় সাব্যস্ত কৰি বিশেষ প্ৰভাৱ বিস্তাৰ কৰিছে। সেহে ৰমাকান্ত দেউৰীয়ে মুখ্যকাৰ্যবাহী পদটো নিজৰ হাতত ৰাখিবলৈ চেষ্টা কৰিব। দলীয় এক বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে মুখ্যকাৰ্যবাহী সদস্য পদৰ বাবে তেতেলিয়া সমষ্টিৰ পৰা তিনিবাৰকৈ জয়লাভ কৰা খগেন বৰদলৈ, কোঁৱৰগাঁও সমষ্টিৰ পৰা দুবাৰকৈ জয় লাভ কৰা জীৱন কোঁৱৰৰ নাম চৰ্চাত আহিছে।

জানিব পৰামতে এই দুয়োজন সদস্য বিধায়ক ৰমাকান্ত দেউৰীৰ অতি ঘনিষ্ঠ। অন্যহাতে সদ্যপ্ৰাক্তন মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তাৰ নামো পুনৰ চৰ্চালৈ আহিছে। এক সূত্ৰৰ মতে বিধায়ক ৰমাকান্ত দেউৰীৰ সৈতে মুকলিকৈ সংঘাট থকা প্ৰাক্তন মুখ্যকাৰ্যবাহী সদস্য পৱন মান্তায়ো পুনৰ মুখ্যকাৰ্যবাহী সদস্য আসন দখলৰ বাবে চেষ্টা চলোৱাৰ সম্ভাৱনা আছে। অন্যহাতে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত নখোলা সমষ্টিৰ তুলসী বৰদলৈ, জোঙালবলহু সমষ্টিৰ পৰা দুবাৰকৈ জয়লাভ হোৱা সদস্য প্ৰণৱজ্যোতি মছৰঙৰ নামো মুখ্যকাৰ্যবাহী সদস্যৰ বাবে চৰ্চিত হৈছে। খবৰ মতে নিৰ্বাচনৰ ফলাফলত বিজেপি আৰু অগপ দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা আসন লাভৰ পাছত পৰিষদ গঠনত কোনো জটিলতা নথকা হেতু অতি কমদিন ভিতৰতে অৰ্থাৎ অহা ২৫  ডিচেম্বৰৰ ভিতৰত নতুন পৰিষদ গঠন হোৱাৰ সম্ভাৱনা আছে।কিন্তু একমাত্ৰ এখন আসনৰ বাদে ৩৫ খনকৈ আসনত বিজেপি আৰু অগপ দলে দখল কৰা পাছত মুখ্যকাৰ্যবাহী তথা কাৰ্যবাহী সদস্য কাক দিব তাকেলৈ বিমোৰত পৰিছে।

তদুপৰি মৰিগাঁও জিলাত মুখ্যকাৰ্যবাহী পদটো নিশ্চিত হোৱাৰ লগে লগে নগাঁও জিলাক এৰিদিব লাগিব উপমুখ্য কাৰ্যবাহী পদটো। কিন্তু বৰ্তমানলৈকে চূড়ান্ত হোৱা নাই ইয়াৰ তালিকা।খবৰ মতে পৰিষদৰ তালিকাত কাক অন্তৰ্ভূক্ত কৰিব ইয়াকেলৈ গোপনে চলিছে আলোচনা। তদুপৰি একাংশ নিৰ্বাচিত সদস্যই নতুন পৰিষদত অন্তৰ্ভূক্ত হ’বলৈ মন্ত্ৰী, বিধায়কৰ ওচৰলৈকো ঢাপলি মেলাৰ খবৰ আহিছে। মনকৰিবলগীয়া যে,পৰিষদৰ শেহতীয়া কাৰ্যকালত সংঘটিত আভ্যন্তৰিণ সংঘাটৰ বাবে পুঁজি উন্নয়নত ব্যাপক খেলিমেলিৰ বাবে সমষ্টিৰ বাসী উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে বুলি অভিযোগ উত্থাপিত হৈ অহাৰ বাবে এইবাৰ ৰাজ্য চৰকাৰে নতুন পৰিষদ গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰা সম্ভাৱনা আছে। পিছে পৰিষদৰ মুখ্যকাৰ্যবাহী যিয়ে নহওঁক কিয়, কিদৰে পৰিষদখনক আগুৱাই নিব সেয়া সময়তে দেখা যাব।

You might also like