নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰোৱাৰীৰ পৰা কালেকচন কৰি কোনো জাতি আগবাঢ়িব নোৱাৰে

টিএলএ–ইউজিপি’ৰ অস্ত্র সম্বৰণ অনুষ্ঠানত মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ আলফা (স্বাধীন)ৰে চলি থকা শান্তি প্রক্রিয়াৰ মাজতে বৃহস্পতিবাৰে অস্ত্র সম্বৰণেৰে মূলসুঁতিলৈ ঘূৰি আহিল ইউনাইটেড গোর্খা পিপলছ অর্গেনাইজেচন (ইউ জি পি অ’) আৰু তিৱা লিবাৰেচন আর্মী (টি এল এ)৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত আজি শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ইউ জি পি অ’ৰ ১৬৯গৰাকী আৰু টি এল এৰ ৭৭গৰাকী সদস্যই অস্ত্র সম্বৰণ কৰে৷ মূলসুঁতিলৈ ঘূৰি অহা গোর্খা আৰু তিৱা উগ্রপন্থী সংগঠনৰ সদস্যসকলক আজি আদৰণি জনাই মুখ্যমন্ত্রীৰ ঘোষণা– আলফা আৰু কে এল অ’ক বাদ দি ৰাজ্যৰ সকলো জনগোষ্ঠীয় সশস্ত্র সংগঠনে উভতি আহিছে আলোচনাৰ মেজলৈ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নেতৃত্বত অসমত স্থায়ী শান্তি প্রতিষ্ঠাৰ বাবে ঐকান্তিক প্রচেষ্টা চলাই থকা হৈছে৷ আজি ২৭ জানুৱাৰীৰ দিনটো এক ঐতিহাসিক দিন৷ এই দিনটোতে ২০২০ চনত নতুন দিল্লীত বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিল৷ ইয়াৰ পৰৱর্তী সময়ত বি টি আৰত শান্তি ঘূৰি অহা আৰু উন্নয়নে এক বিশেষ গতি লাভ কৰা দিশটো সকলোৱে প্রত্যক্ষ কৰিব পাৰিছে৷ আলাপ–আলোচনাৰ মাজেৰে কেনেদৰে শান্তিৰ পৰিৱেশ ঘূৰাই আনিব পাৰি, সেয়া শেহতীয়া ঘটনাপ্রৱাহে উজ্জ্বল ৰূপত দাঙি ধৰিছে৷ মূলসুঁতিলৈ উভতি অহা বিদ্রোহী সংগঠনৰ সদস্যসকলক উদ্যমিতা আৰু কৃষিকর্মত নিয়োজিত হৈ অসমৰ বিকাশৰ দিশত এক অর্থৱহ বৰঙণি যোগোৱাৰ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয়– সাধাৰণ লোক আৰু বিদ্রোহী সংঠনৰ সদস্যসকলৰ মনোভাবৰ যথেষ্ট পার্থক্য আছে৷ এই সদস্যসকলে সমাজ আৰু জাতিৰ বাবে কিবা এটা কৰি যোৱাৰ অদম্য সাহস দেখুৱাইছে৷ হয়তো তেওঁৰ পথ ভুল হ’ব পাৰে অথবা তেওঁক কোনোবাই ভুল পথেৰে লৈ গৈছে৷ কিন্তু সেনা–পুলিচৰ গুলীৰ ভয়তো কিবা এটা কৰাৰ যি সাহস সেয়া সাধাৰণ লোকৰ চিন্তাতকৈ যথেষ্ট ওপৰত৷ এই সদস্যসকলৰ চিন্তাধাৰাৰ লগত আমাৰ চিন্তাধাৰাৰ পার্থক্য থাকিব পাৰে৷ কিন্তু এই যুৱকসকলে কিবা এটা কৰাৰ সাহস দেখুৱাবলৈ সক্ষম হৈছে৷

মুখ্যমন্ত্রীয়ে পুনৰ কয়– আজি অসমত আটাইতকৈ অভাৱ থকা বিষয়টো হৈছে উদ্যমিতা৷ আমি পিষ্টল লৈ, এ কে–৪৭ লৈ কিবা এটা কৰিব পাৰোঁ৷ কিন্তু গাঁৱৰ মাটিডৰাত ট্রেক্টৰ চলাই উৎপাদন কৰিব নোৱাৰোঁ৷ এই বিষয়বোৰ পাহৰিব লাগিব৷ জাতিটোৰ উন্নয়ন তথা অর্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব লাগিব৷ অসমলৈ এতিয়া ট্রাকে ট্রাকে বহিঃৰাজ্যৰ পৰা সামগ্রী আহে৷ কিন্তু যোৱাৰ সময়ত এই ট্রাকবোৰত আমি আমাৰ উৎপাদিত সামগ্রী পঠিয়াই দিব নোৱাৰোঁ৷ কেৱল ম্যানমাৰৰ পৰা অহা চুপাৰি পঠিয়াবলৈ আমি দিনটো সংগ্রাম কৰি থাকোঁ৷ লুকাভাকু, খেদাখেদি চলি থাকে এইটোক লৈ৷ অসমৰ পৰা অর্গেনিক উৎপাদন কিয় আমি বাহিৰলৈ পঠিয়াব নোৱাৰোঁ? এই কামখিনি কৰিব পাৰিলেহে আমাৰ জাতিটো আগবাঢ়িব৷ মাৰোৱাৰীৰ পৰা কালেকচন কৰি, বিহাৰীক ধমক দি কোনো জাতি আগবাঢ়িব নোৱাৰে৷ তেওঁ কয়– মূলসুঁতিলৈ উভতি অহাসকলে তেওঁলোকৰ শক্তি আৰু সামর্থ্য উপযুক্তভাৱে ব্যৱহাৰেৰে এখন সবল অসম গঢ়াত নিজকে উৎসর্গিত কৰিব লাগিব৷ তেওঁলোকে বন্দুকৰ পৰিৱর্তে কঠোৰ শ্রম আৰু ঐকান্তিকতাৰে অসমৰ অর্থনৈতিক উন্নয়নত ইতিবাচক বৰঙণি যোগাব লাগিব৷ মুখ্যমন্ত্রীয়  ইয়াকো উল্লেখ কৰে যে নতুন জীৱন তথা নিয়োগ সৃষ্টিৰ দিশত সফলতা লাভ কৰি ৰাজ্যৰ অর্থনৈতিক বিকাশত বৰঙণি যোগোৱা সদস্যসকলক ৰাজ্য চৰকাৰে বিশেষভাৱে সম্বর্ধনা জনাব৷ যাতে তেওঁলোকে অন্য ১০জনৰ বাবে আদর্শ হৈ পৰে৷ আজিৰ এই অনুষ্ঠানতে ২০২০ চনৰ জানুৱাৰী মাহত অস্ত্র সম্বৰণেৰে মূলসুঁতিলৈ উভতি অহা ৰাভা নেচনেল লিবাৰেচন ফ্রণ্ট (আৰ এন এল এফ)ৰ ২৮জন, আদিবাসী ড্রেগন ফাইটাৰ (এ ডি এফ)ৰ ৬১জন, নেচনেল চাওতাল লিবাৰেচন আর্মী (এন এছ এল এ)ৰ ৪১জন, নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বেংগলী (এন এল এফ বি)ৰ ৩০৩জন আৰু ইউনাইটেড পিপলছ ৰিভলুচনেৰী ফ্রণ্ট (ইউ পি আৰ এফ)ৰ ২৯জন মুঠ ৪৬২জন সদস্যক ১.৫০ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰা হয়৷ আজিৰ অনুষ্ঠানত টি এল এৰ ৭৭জন আৰু ইউ জি পি অ’ৰ ১৬৯গৰাকী সদস্যই ২৭৭টা বিভিন্ন ধৰণৰ বন্দুক, গ্রেনেড আৰু ৭২০ জাঁই গুলী জমা দিয়ে৷ এই অনুষ্ঠানত মন্ত্রী অশোক সিংহল, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আদি উপস্থিত থাকে৷

You might also like