নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম জ্বলাবলৈ পিএফআইৰ ৭ কোটিৰ পুঁজি

৭০ লাখ ইছলাম ধর্মাৱলম্বীৰ পৰা ১০ টকাকৈ সংগ্রহ কৰা ধন ৰাষ্ট্রবিৰোধী কার্যত ব্যৱহাৰৰ আশংকা

নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ অসমত অশান্তিৰ জুই জ্বলাবলৈ ভয়ংকৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে ইছলামিক সংগঠন পপুলাৰ ফ্রণ্ট অৱ ইণ্ডিয়া (পি এফ আই)–এ৷ ৰাজ্যৰ প্রায় ৭০ লাখ ইছলামধর্মী লোকৰ পৰা ১০ টকাকৈ সংগ্রহ কৰি ৭ কোটি টকাৰ পুঁজি একত্রিত কৰি আছে ইছলামীয় দর্শন–শ্বৰীয়তৰ শাসন ব্যৱস্থা প্রৱর্তন কৰাৰ লক্ষ্যৰে গঠন হোৱা সংগঠনটোৱে৷ ধলপুৰ অঞ্চলৰ বেদখলকাৰীসকলক উচ্ছেদৰ পৰা ৰক্ষা কৰাৰ নামত বিগত তিনি মাহৰ ভিতৰতে ২৮ লাখ টকা সংগ্রহ কৰা বুলি কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰাৰ পাছতে আজি পি এফ আইৰ বিৰুদ্ধে মহাবিস্ফোৰণ ঘটাইছে ৰাজ্যিক বিজেপিয়ে৷

পি এফ আই অসমীয়া ভাষা–সংস্কৃতি আৰু সভ্যতাৰ বাবে এক অশনি সংকেত বুলি উল্লেখ কৰি দেওবাৰে ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শর্মাই কয় যে অসমক অশান্ত কৰাৰ বাবে পি এফ আয়ে ৰাজ্যখনৰ প্রায় ৭০ লাখ ইছলাম ধর্মাৱলম্বী লোকৰ পৰা ১০ টকাকৈ সংগ্রহ কৰি এক বৃহৎ পুঁজি একত্রিত কৰি আছে৷ যাৰ পৰিমাণ প্রায় ৭ কোটি টকা হ’ব৷ এই ধন চৰকাৰ আৰু ৰাষ্ট্রবিৰোধী কাম–কাজত ব্যৱহাৰ হোৱাৰ আশংকা আছে৷ কেৰালাত ২০০৬ চনৰ নৱেম্বৰ মাহত গঠন হোৱাৰ দিনৰে পৰা পি এফ আয়ে লাভ জেহাদ, লেণ্ড জেহাদ আদিৰ জৰিয়তে সনাতন সমাজ ব্যৱস্থাৰ প্রতি ভাবুকিৰ সৃষ্টি কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে৷ তেওঁ পুনৰ কয় যে কেৰালাৰ বাঁওপন্থী চৰকাৰে ইতিমধ্যে কেন্দ্রীয় চৰকাৰলৈ পত্রযোগে পি এফ আইক নিষিদ্ধ ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে৷ এই সমগ্র বিষয়টো বিবেচনাধীন হৈ আছে কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ৷ ২০০৫ চনত সন্ত্রাসবাদী কার্যকলাপত জড়িত থকাৰ অভিযোগ কেন্দ্রীয় চৰকাৰে ষ্টুডেণ্ট ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া (ছিমি)ক নিষিদ্ধ ঘোষণা কৰিছিল৷ পৰৱর্তী সময়ত নিষিদ্ধঘোষিত ছিমিৰ নেতৃবৃন্দই নতুন ৰূপত পি এফ আই গঠন কৰি ৰাষ্ট্রবিৰোধী কাম আৰম্ভ কৰে৷ এক কথাত ক’বলৈ গ’লে পি এফ আই হ’ল নিষিদ্ধঘোষিত সন্ত্রাসবাদী সংগঠন ছিমিৰ নৱসংস্কৰণ৷

ৰাজ্যিক বিজেপিৰ মুখপাত্রজনে এই প্রসংগত কংগ্রেছ আৰু এ আই ইউ ডি এফকো আক্রমণৰ লক্ষ্য কৰি লয়৷ তেওঁৰ মতে অসম অশান্ত কৰাৰ বাবে কংগ্রেছ আৰু পি এফ আয়ে একেলগে কাম কৰি আছে৷ বর্তমান সময়ত অসমীয়াবিৰোধী এই শক্তি দুটা একেটা মুদ্রাৰে ইপিঠি–সিপিঠি৷ এ আই ইউ ডি এফ হ’ল তেওঁলোকৰ বিশ্বস্ত সহযোগী৷ ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই ‘কা’ আন্দোলনৰ প্রসংগ উল্লেখ কৰি কয় যে ‘কা’ আন্দোলনক হিংসাত্মক ৰূপ দিয়াৰ ক্ষেত্রত পি এফ আয়ে লোৱা ভূমিকাৰ বিষয়ে আমি সকলোৱে জানো৷ জনতা ভৱনৰ সন্মুখত অগ্ণিসংযোগ আৰু হিংসা বিয়পোৱাৰ লগতে অসমীয়াৰ স্বাভিমান শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আক্রমণ চলাই শৰাই আদি নষ্ট কৰাৰ বাবে চলা হিংসাত্মক ঘটনা কংগ্রেছৰ নেতৃত্বত পি এফ আইৰ পৰিকল্পনা মতে ৰূপায়ণ কৰা হৈছিল৷ পি এফ আইৰ পৰিকল্পনাত সংঘটিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আক্রমণৰ ঘটনাৰ লগত প্রদেশ যুৱ কংগ্রেছৰ তদানীন্তন সভাপতি কামৰুল ইছলাম চৌধুৰী জড়িত আছিল প্রত্যক্ষভাৱে৷ পৰৱর্তী সময়ত আৰক্ষীয়ে চৌধুৰীক গ্রেপ্তাৰো কৰিছিল৷ অসমীয়া ভাষা–সংস্কৃতি, মাটি–ভেটিৰ প্রতি প্রবল ভাবুকিৰ সৃষ্টি কৰা পি এফ আইৰ বিৰুদ্ধে দলমত নির্বিশেষে ৰাজ্যবাসী একত্রিত হৈ জনমত আৰু গণপ্রতিৰোধ গঠন কৰাৰ প্রয়োজনীয়তা আছে বুলি তেওঁ মন্তব্য কৰে৷

ৰাজ্যিক বিজেপিৰ মুখপাত্রজনৰ আন এক গুৰুতৰ অভিযোগ– অসমীয়া জাতিলৈ নামি অহা এই ভয়ংকৰ সংকটৰ সময়তো কংগ্রেছ দল আৰু প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই পি এফ আইৰ দৰে ৰাষ্ট্রবিৰোধী শক্তিৰ সৈতে একেটা সুৰত সুৰ মিলাই কথা ক’বলৈ আৰম্ভ কৰাহে আমি প্রত্যক্ষ কৰিছোঁ৷ একেটা সুৰতে সুৰ মিলাই কংগ্রেছে অসম আৰু অসমীয়াৰ স্বাভিমানক পি এফ আইৰ দৰে ৰাষ্ট্রবিৰোধী শক্তিৰ ওচৰত বন্ধকত থৈছে৷ সম্প্রতি কেৰালা–কর্ণাটক–মহাৰাষ্ট্ৰ প্রদেশ–দিল্লী–সমপৱৰ্তী পি এফ আই সাংগঠনিকভাৱে অতি শক্তিশালী হৈ উঠাৰ কথা উল্লেখ কৰি ৰাজ্যিক বিজেপিৰ মুখপাত্র শর্মাই দাবী কৰে যে গোৱালপাৰা, দক্ষিণ শালমাৰা–মানকাচৰ, দৰং, কামৰূপ, নগাঁও, মৰিগাঁও আৰু কৰিমগঞ্জ জিলাত পি এফ আয়ে বিশাল নেটৱর্ক গঢ়ি তুলিবলৈ সক্ষম হৈছে৷

কংগ্রেছ আৰু এ আই ইউ ডি এফৰ ৰাজনৈতিক সংৰক্ষণতে এই জিলাকেইখনত শক্তিশালী হৈ উঠিছে পি এফ আই৷ বিগত বিধানসভা নির্বাচনৰ সময়তো কংগ্রেছ–এ আই ইউ ডি এফ জোঁটবন্ধনৰ হৈ পি এফ আয়ে বাংলাদেশী অধ্যুষিত চৰ–চাপৰিত গোপনে প্রচাৰ চলাইছিল৷ দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুঁটিৰ ধলপুৰত হোৱা অপ্রীতিকৰ ঘটনাৰ আঁৰতো পি এফ আইৰ হাত থকা বুলি মন্তব্য কৰি তেওঁ পুনৰ কয় যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গৰুখুঁটি ঘটনাৰ আঁৰত পি এফ আই জড়িত বুলি স্পষ্টভাৱে প্রকাশ কৰিছে৷ সমগ্র হিংসাত্মক ঘটনাটোৰ ন্যায়িক তদন্তও ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ পি এফ আই–আমছু–এ আই ইউ ডি এফ–কংগ্রেছকে ধৰি গৰুখুঁটিৰ ঘটনাত জড়িত থকা বুলি স্থানীয় ৰাইজে অভিযোগ তোলা প্রতিটো দল–সংগঠনক তদন্তৰ আওতালৈ আনিবলৈ ৰাজ্যিক বিজেপিয়ে আহ্বান জনাইছে৷

You might also like