নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিয়ালক পোহপাল দিবলৈ ডেলিভাৰী গাৰ্ল হিচাপে কাম কৰিছে প্ৰিয়ংকাই…

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ এগৰাকী কলেজীয়া ছাত্ৰী নাম প্ৰিয়ংকা। পৰিয়ালক পোহপাল দিবলৈ ফ্লিপকাৰ্টৰ ডেলিভাৰী এক্সুকেটিভ হিচাপে কাম কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাই এই কাম যোৱা ৬ মাহ ধৰি কৰি আহিছে। প্ৰিয়ংকাই সন্দিকৈ মহাবিদ্যালয়ৰ ছাত্ৰী। প্ৰিয়ংকা কেৱল মহানগৰীত ফ্লিপকাৰ্টৰ ডেলিভাৰী দিয়া একমাত্ৰ যুৱতী।

প্ৰিয়ংকাই সংবাদ মাধ্যমৰ আগত কয় যে মই ফিল্পকাৰ্টৰ ডেলিভাৰী যোৱা ৬ মাহৰ পৰা কৰি আহিছো। লকডাউনৰ সময়ত মই ১০৪ কভিড-১৯ জৰুৰীকালীন সেৱাৰ সৈতে জড়িত আছিলো। কিন্তু লকডাউন শেষ হোৱাৰ পিছত মই এটা বেলেগ চাকৰি নিজৰ পৰিয়ালৰ আৰু পঢ়াৰ খৰচ বাবে বিচাৰিব লগা হৈছিল। মই ফিল্পকাৰ্টৰ সামগ্ৰী ডেলিভাৰী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। মই মোৰ দেউতাৰ পুৰণি স্কুটি খন লৈ ডেলিভাৰী গাৰ্ল হিচাপে কৰ্ম জীৱন আৰম্ভ কৰো।

মই জানো চৰকাৰী চাকৰি পোৱাটো ইমান সহজ নহয় গতিকে মই পৰিয়ালৰ বাবে কিবা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো। সকলো দায়িত্ব লয়ো মইও পঢ়া শুনা কৰা কৰি গৈছো। মোক শিক্ষক সকলে বহুত সৰ্মথন কৰিছে। তেওঁলোকে মোক শ্ৰেণীত উপস্থিত নাথাকিলেও পৰীক্ষাত বহিবলৈ অনুমতি প্ৰদান কৰিছে। প্ৰিয়ংকাই লগতে কয় যে তাই পুৱা ৬.৩০ বজাৰ পৰা কাম আৰম্ভ কৰে আৰু আবেলি ৮ বজাত ঘৰলৈ আহে। এই ক্ষেত্ৰত পৰিয়ালক লোকেও বহু মোক সহায় আৰু সৰ্মথন কৰিছে। লগতে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকক লগ পাইছো আৰু সকলোৱে মোক বহুত উৎসাহ আৰু মৰম দিছে।

প্ৰিয়ংকাৰ এই সাহসী প্ৰয়াসক সকলোৱে একেমুখে শলাগিছে।

You might also like