আজি আলি আঃয়ে লৃগাং; গুমৰাগ আৰু ঐনিতমৰ চন্দত আপোন পাহৰা মিচিং ডেকা গাভৰু
নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ চঞ্চলা ফাগুণ আহিলেই পলাশ, মদাৰ আৰু শিমলু ফুলে আকাশ ৰাঙলী কৰাৰ সমান্তৰালকৈ উৎফুল্ল হৈ পৰে মিচিং জনগোষ্ঠীৰ লোকসকল। কিয়নো মিচিংসকলে ফাগুণতে উদযাপন কৰে কৃষিভিত্তিক উৎসৱ হেঁপাহৰ আলি আঃয়ে লৃগাং। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।
আজি ফাগুনৰ প্রথমটো বুধবাৰ ৷ ফাগুন মাহৰ প্রথমটো বুধবাৰে মিচিংসকলে পৰম্পৰাগতভাৱে পালন কৰি আহিছে ‘আলি আঃয়ে লৃগাং’৷
আজি অসমৰ ২,৭৫১খন মিচিং গাঁৱত উলহ মালহেৰে উদযাপন কৰা হ’ব ‘আলি আঃয়ে লৃগাং’৷ উদযাপন সমিতিসমূহে ‘আলি আঃয়ে লৃগাং’ৰ মাহজোৰা প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে ৷ মিচিং কনেং–য়ামেং (জীয়ৰী–বোৱাৰী)সকলৰ ৰিঃবিগাচেং, কেবৰেগ, এগে–গাচৰ আৰু য়ামে (ডেকা)সকলৰ মিবুগালুক, গনৰ উগন, দুমেৰ আদি মিচিং পৰম্পৰাগত সাজ–পোছাক তৈয়াৰ কৰি লৃগাঙত গুমৰাগ নৃত্যৰ বাবে সাজু হৈছে সকলো ৷
আজি লৃগাঙৰ দিনা পুৱা নির্বাচিত মিগম (মূল ব্যক্তি) আৰু মিগমৰ পত্নীক ঘৰৰ পৰা ঢোলে–ডগৰে লৃগাং উদযাপন স্থানলৈ আদৰি আনি মিগম আৰু মিগমনীৰ দ্বাৰা গুমৰাগ নৃত্য–গীতৰ মাজেৰে লৃগাঙৰ মূল কার্য ‘লৃগগদ’ (গুটি সিঁচা কার্য) সম্পাদন কৰিব৷ ‘লৃগগদ’ত মিচিংসকলৰ পূজ্য দেৱতা দঃঞি–পঃল (সূর্য–চন্দ্র)ক কৃষক তথা দেশ–জাতিৰ মংগল কামনা কৰি সকলোৱে প্রার্থনা জনাব৷ মূল কার্য সম্পন্ন হোৱাৰ পিছতে বিভিন্ন কলা–কৃষ্টি প্রদর্শন, গুমৰাগ নৃত্য, ঢোলে–পেঁপা, বাঁহী, ঐনিতমৰ ছন্দত মুখৰ হৈ পৰিব মিচিং জনগোষ্ঠীয় গাঁওসমূহৰ আকাশ–বতাহ৷ উল্লেখ্য যে নগৰ–চহৰত বাস কৰা মিচিং লোকসকলেও নিজ নিজ এলেকাত পালন কৰিব ‘আলি আই লৃগাং’৷
উল্লেখ্য যে প্ৰথম অৱস্থাত ফাগুন, চ’ত বা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়াই আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।