নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কৰিব প্রাথমিক শিক্ষকে

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ৰাজ্যৰ প্রাথমিক বিদ্যালয়ত প্রধান শিক্ষকৰ পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ কর্তন কৰা ৮,৭০০ টকাৰ গ্রেড পে’ ঘূৰাই দিয়াৰ দাবীৰে আজি মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰিব প্রাথমিক শিক্ষক সমাজে৷ গুৱাহাটীৰ লখৰাস্থিত উদয়ন কৃষ্টিসংঘৰ বাকৰিত প্রাথমিক শিক্ষকসকলে বিক্ষোভ সমাৱেশ অনুষ্ঠিত কৰাৰ পাছতে মুখ্যমন্ত্রীৰ বাসভৱন ঘেৰাও কার্যসূচী ৰূপায়ণ কৰিব৷ এই কথা সদৰী কৰিছে অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে৷  গুৱাহাটীৰ চানমাৰিস্থিত শিক্ষক ভৱনত এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে কাইলৈৰ প্রতিবাদী কার্যসূচীত ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক দল, অৰাজনৈতিক সংগঠন আৰু বিভিন্ন শিক্ষক সংগঠনৰ প্রতিনিধিবর্গই অংশগ্রহণ কৰিব৷ প্রাথমিক শিক্ষকসকলৰ প্রাপ্য আদায় দিয়াৰ ক্ষেত্রত চৰকাৰখনে প্রদর্শন কৰি অহা হেমাহিৰ কথা উল্লেখ কৰি গোস্বামীয়ে কয়– ২০১৯ বর্ষৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্রীৰ সৈতে হোৱা আনুষ্ঠানিক আলোচনাত ৰাজ্যৰ প্রাথমিক বিদ্যালয়সমূহৰ জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদ প্রধান শিক্ষকলৈ পদোন্নিত কৰাৰ নির্দেশনা দিছিল৷ কিন্তু মুখ্যমন্ত্রীৰ এই নির্দেশনাৰ এবছৰ অতিক্রম কৰাৰ পাছতো এই নির্দেশ কার্যকৰী নহ’ল৷ যাৰ বাবে এই সমগ্র প্রক্রিয়াটোক লৈ প্রাথমিক শিক্ষকসকল সন্দিহান হৈ পৰিছে৷

সংবাদ মেলত তেওঁ সদৰী কৰা অনুসৰি আজিৰ প্রতিবাদী কার্যসূচীত ৪০ হাজাৰ প্রাথমিক শিক্ষকে অংশগ্রহণ কৰিব৷ এই কার্যসূচীত অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ সহকাৰী সম্পাদক নিমাই চন্দ্র মণ্ডলে অংশগ্রহণ কৰিব৷ দিনৰ ১১ বজাৰ পৰা সংকল্পগ্রহণ কার্যসূচী ৰূপায়ণৰ অন্তত ১ বজাত প্রাথমিক শিক্ষকসকলে মুখ্যমন্ত্রীৰ বাসভৱন অভিমুখে যাত্রা আৰম্ভ কৰিব বুলিও তেওঁ সদৰী কৰে৷ ইফালে,  সংবাদ মেলতে ৰাজ্যৰ ৰাজনৈতিক দলসমূহক শিক্ষাক মূল বিষয় হিচাপে লৈ নির্বাচনী যুঁজত অৱতীর্ণ হ’বলৈ আহ্বান জনাইছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷ এই প্রসংগত গোস্বামীয়ে কয়– যোৱা ১২ জানুৱাৰীৰ পৰা ৰাজনৈতিক দলসমূহলৈ স্মাৰক–পত্র প্রদানৰ কাম আৰম্ভ কৰা হৈছে৷ এই পত্রযোগে প্রাথমিক শিক্ষা আৰু শিক্ষকৰ সমস্যা ইস্তাহাৰত সন্নিৱিষ্ট কৰিবলৈ আমি অনুৰোধ জনাইছোঁ৷ ৰাজ্যখনৰ প্রাথমিক শিক্ষা ক্ষেত্রখনত ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰ পৰা ৰক্ষা কৰাৰ সংকল্প গ্রহণ কৰি কোনো ক্ষেত্রতে যাতে ৰাজহুৱা প্রাথমিক শিক্ষা ব্যৱস্থা ৰাজহুৱা–ব্যক্তিগত ব্যৱস্থাৰে চলিব নোৱাৰে তাৰ পদক্ষেপ ল’বলৈ আহ্বান জনাইছে৷ উল্লেখ্য যে প্রাথমিক শিক্ষকসকলৰ সমস্যা সমাধানৰ দাবীৰে ইয়াৰ পূর্বেও কেইবাবাৰো প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰিছে প্রাথমিক শিক্ষক সন্মিলনীয়ে৷

You might also like