আজি–কাইলৈ হাইক’টত দুই স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহীৰ বিৰুদ্ধে গোচৰৰ শুনানি
নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত ৰাজ্যৰ দুখন স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্যৰ বিৰুদ্ধে চলা মুঠ তিনিটা গোচৰৰ সোমবাৰ আৰু মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰায়দান আৰু শুনানিৰ দিন ধার্য কৰা হৈছে৷ এনে পৰিপ্রেক্ষিতত স্বায়ত্তশাসিত পৰিষদ দুখনৰ কাৰণে এই দুটা দিন তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ উল্লেখ্য যে ২০০৭ চনৰ ২৭ এপ্রিলত তেতিয়াৰ উত্তৰ কাছাৰ পার্বত্য আৰু এতিয়াৰ ডিমা হাছাও জিলাৰ গেৰেবস্তিত গুলীয়াই হত্যা কৰা হৈছিল অসম আৰক্ষীৰ কনিষ্টবল হবিবুৰ ৰহমানক৷ অভিযোগ অনুসৰি উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ তেতিয়াৰ এমএচি প্রফুল্ল ফংলোৱে এমএচি ভদ্রমণি লাংথাছাৰ পিএছ’ হিচাপে নিযুক্ত থকা হবিবুৰ ৰহমানক গেৰেবস্তিলৈ লৈ গৈছিল ডিএইচডি জুৱেল গোটৰ তেতিয়াৰ উপ–মুখ্য সেনাধ্যক্ষ ডেনিয়েল ডিমাচা ওৰফে এতিয়াৰ উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য দেৱোলাল গর্লোচাক ৫০ লাখ টকা আদায় দিবলৈ৷ ধনখিনি আদায় লোৱাৰ পাছত ডেনিয়েল ওৰফে দেৱোলালে পিএছ’ হবিবুৰ ৰহমানৰ ছার্ভিচ মাৰণাস্ত্রটো দাবী কৰে৷ পিএছ’ হবিবুৰ ৰহমানে মাৰণাস্ত্রটো দিবলৈ অস্বীকাৰ কৰাৰ লগে লগেই হবিবুৰ ৰহমানক গুলীয়াই হত্যা কৰি মাৰণাস্ত্রটো কাঢ়ি লৈ যায়৷ ডিয়ুংমুখ আৰক্ষী থানাত এমএচি প্রফুল্ল ফংলুৱে লৈ যোৱা ছুমো গাডীখনৰ চালক বিকাশ থাউচেনে এখন এজাহাৰ দাখিল কৰিছিল৷ ২০১৮ চনৰ ২৭ এপ্রিলত সেই গোচৰৰে আন এজন অভিযুক্ত মিপুট ৰাজিয়ুং ওৰফে এক্সন ডিমাচাই ৰাজসাক্ষী হিচাপে পিএছ’ হবিবুৰ ৰহমানক ডেনিয়েল ওৰফে দেৱোলালে হত্যা কৰিছিল বুলি দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে এই গোচৰ চলি আছে৷ সোমবাৰে এই গোচৰটোৰেই ৰায়দানৰ দিন ধার্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে৷ একেদৰে মঙলবাৰে ২০০৭ চনৰ ৪ জুনত দেশ কঁপোৱা পূর্ণেন্দু–নিন্দু লাংথাছাৰ হত্যাকাণ্ডৰ গোচৰ ফাষ্টড্রেক আদালতত বিচাৰাধীন কৰিবলৈ প্রয়াত নিন্দু লাংথাছাৰ পুত্র ডেনিয়েল লাংথাছাই কৰা আবেদনৰ চূডান্ত শুনানিৰ দিন ধার্য কৰা হৈছে৷ সোমবাৰ আৰু মঙলবাৰৰ দিনটো সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত এই স্বায়ত্তশাসিত পৰিষদখনৰ মুখ্য কার্যবাহী সদস্যজনৰ কাৰণে ভাগ্য নির্ণয়ৰ দিন হোৱাৰ পৰিৱর্তে অধ্যক্ষৰ নির্বাচন নোহোৱাকৈয়ে বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদ (বিটিচি)ত প্রমোদ বড়োৱে মুখ্য কার্যবাহী সদস্যৰ শপত লোৱা ঘটনা ষষ্ঠ অনুসূচীৰ সংবিধানৰ পৰিপন্থী বুলি অভিযোগ তুলি হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে গুৱাহাটী উচ্চ ন্যায়ালয়ত তৰা গোচৰৰো মঙলবাৰে চূডান্ত শুনানিৰ দিন ধার্য কৰা হৈছে৷