নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি হাইক’টত ভাগ্য নির্ণয় হ’ব অখিল গগৈৰ

জামিন আবেদনৰ চূড়ান্ত ৰায় ন্যায়াধীশৰ

নিয়মীয়া বাৰ্তা ৭ জানুৱাৰীঃ কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈৰ জামিন আৱেদনৰ চূড়ান্ত ৰায় প্রদানৰ দিন আজি ধার্য কৰা হৈছে৷ ন্যায়াধীশ কল্যাণ ৰায় খুৰানা আৰু ন্যায়াধীশ অজিত বৰঠাকুৰৰ খণ্ড বিচাৰপীঠে এই গোচৰটোৰ ৰায় প্রদান কৰিব৷ ইতিমধ্যে গোচৰটোৰ শুনানি প্রক্রিয়া সমাপ্ত হৈছে৷ উল্লেখ্য যে কেইবাটাও গোচৰত কৃষক নেতাজনক গ্রেপ্তাৰ কৰা হৈছিল৷ ইতিমধ্যে বিভিন্ন আৰক্ষী থানাত ৰুজু হোৱা গোচৰত তেওঁ জামিন লাভ কৰিছে৷ কিন্তু ‘নিয়া’ই ৰুজু কৰা ১৩/২০১৯ নম্বৰৰ গোচৰত জামিন লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এই গোচৰটোত জামিন লাভ কৰিলেই তেওঁৰ কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ প্রশস্ত হ’ব৷ লক্ষণীয় যে কৃষক মুক্তি সংগ্রাম সমিতিৰ ঔৰসত জন্ম লাভ কৰা ৰাইজৰ দলৰ আজিৰে পৰা মৰাণত ৰাজনৈতিক অভিৱর্তন অনুষ্ঠিত হ’ব৷ এই অভিৱর্তনৰ প্রাক্ক্ষণত অখিল গগৈৰ মুক্তিৰ দাবীত সঘনে আন্দোলন কৰি আছে সংগঠনটোৱে৷ ইয়াৰ মাজতে কাইলৈ জামিন আৱেদনৰ ৰায়দানৰ দিন ধার্য কৰাত স্বাভাৱিকতে তেওঁৰ সমর্থক আৰু শুভাকাংক্ষীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰিছে৷ কৃষক নেতাজনৰ ভাগ্য এতিয়া নির্ভৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ত৷

You might also like