নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ৩ জুলাই : জানক দিনটোৰ ৰাশিফল

আহাৰ মাহৰ ১৮ তাৰিখ
বুধবাৰঃ তিথি– কৃষ্ণা দ্বাদশী, নক্ষত্রঃ কৃত্তিকা, যাত্রাঃ শুভ

মেষঃ পুৱা দহটালৈ কিছু সাৱধান থকাটো ভাল৷ বিদ্যাত তেনে অসুবিধা নাই৷ কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব৷ শৰীৰ সম্পর্কে সচেতন থাকক৷ আর্থিকত মজলীয়া৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷

বৃষঃ কর্মাদিত মজলীয়া কোনো দায়িত্ব পালন কৰি সুখ অনুভৱ কৰিব৷ বিদ্যাতো বেয়া নহ’ব৷ জ্ঞাতি–কুটুম্বৰ চিন্তা থাকিব৷ বর্তমান পৰিৱেশৰ কথা ভাবি ফুৰা–চকাত নিজে সতর্ক থাকক৷ বন্ধুৰ সংগত সুখ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷

মিথুনঃ পঢ়া–শুনাত মন বঢ়াওক৷ জ্ঞাতি–কুটুম্বৰ লগত সদ্ভাব মজলীয়া৷ বন্ধুবর্গৰ সংগ বা আগমন৷ ব্যৱসায়ত চিন্তা কম৷ আর্থিক ব্যয় হ’লেও প্রয়োজনীয় কাৰণ থাকিব৷ শৰীৰৰ মধ্যম৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৭৷

কর্কটঃ আর্থিকত খা–খৰচ বৃদ্ধি৷ বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনোকাৰণত আনন্দিত হ’ব৷ কিবা পৰিৱর্তনৰ নতুনত্ব অনুভৱ৷ বিদ্যাত যত্ন ৰাখক৷ অভাৱত চিন্তাৰে সময় নষ্ট নকৰিব৷ সু–সংবাদ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

সিংহঃ কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায়৷ মনৰ অৱস্থা মধ্যম৷ কোনো কাৰণত মনত দুখ আহিব পাৰে৷ বিদ্যাত বেয়া দেখা নাযায়৷ প্রেমত দুর্ভাৱনা থাকিব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৯৷

কন্যাঃ বৰ উন্নত দিন নহ’ব৷ এটা নহয় এটা আহুকালৰ মুখামুখি হ’ব৷ অভাৱত কাৰো প্রতি খং কৰি লাভ নাই বুলি পিছত বুজিব৷ উদ্বিগ্ণতাৰে কোনো সংবাদৰ অপেক্ষা কৰিব পাৰে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

তুলাঃ যোগ্যজনে বিশেষ আশা কৰাটো দৰকাৰ হ’ব৷ কর্তব্যত নিজৰ দক্ষতা থাকিব৷ কিন্তু কোনো আকস্মিক ক্লেশে মনটো চঞ্চল কৰিব পাৰে৷ বিদ্যাত অনুকূল পৰিৱেশ৷ ভ্রমণৰ চিন্তা কৰিলেও কষ্ট৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৪৷

বৃশ্চিকঃ কোনোৱে আশাৰে কৰা অপেক্ষা কিছু সফল৷ যিদৰে কোনোৱে বিভিন্ন অসুবিধাৰে দিনটো পাৰ কৰিব লাগিব৷ বিদ্যাত সিমান বেয়া দেখা নাযায়৷ নতুন সংযোগৰ আশা৷ দাম্পত্যত মধ্যম৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৩৷

ধনুঃ কর্মব্যস্ততা বাঢ়িব৷ শৰীৰৰ মধ্যম৷ গুৰুতৰ কাম আদি হাতত ল’লেও ভাবি–চিন্তি কৰি ল’ব৷ নতুন উদ্যম৷ খৰচ বৃদ্ধি৷ প্রেম–প্রীতিত মধ্যম৷ পঢ়া–শুনাত খেলিমেলি থাকিব৷ শুভ ৰং ক’ল৷ শুভ সংখ্যা ২৷

মকৰঃ আজি পূর্বৰ দিনতকৈ উন্নত৷ মনত দৃঢ়তাও থাকিব৷ যোগাযোগৰ পৰা উপকৃত হ’ব৷ বিদ্যাত যত্ন ৰাখক৷ মাতৃৰ স্বাস্থ্যৰ লগতে পিতৃৰ বাবেও চিন্তা কৰাটো দৰকাৰ৷ ভ্রমণৰ যোগ৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৫৷

কুম্ভঃ আর্থিকত হাত ধৰি চলক৷ বন্ধু–বান্ধৱৰ লগত সদ্ভাব ৰাখিবলৈ সক্ষম হ’ব৷ আজি পূর্বৰ দিনৰ তুলনাত কিছু উন্নত৷ শৰীৰৰ আহুকালো কমিব৷ বাহ্যিক কথাত কিছু ব্যস্ত থাকিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷

মীনঃ আকস্মিক কোনো সুযোগ বা সহায়–সহযোগিতাৰ সম্ভাৱনা৷ মাতৃৰ শৰীৰ সম্পর্কে চিন্তা৷ বাকী পূজ্যজনৰ অৱশ্যে ভালেই দেখা যায়৷ নতুন যোগাযোগত অনুকূলৰ আশা৷ বিদ্যাত বেয়া দেখা নাযায়৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ১৷

You might also like