আজি দুই লক্ষ জনতাৰ সন্মুখত মুখ্য কার্যবাহী ৰূপে শপত ল’ব প্রমোদ বড়োৱে
কোকৰাঝাৰৰ বডোফা নগৰৰ গ্রীন ফিল্ডত বিশাল আয়োজন
নিয়মীয়া বাৰ্তা ১৫ ডিচেম্বৰঃ বিটিচিত ১৭ বছৰীয়া হাগ্রামাৰাজৰ অৱসান ঘটিল৷ কাইলৈ প্রমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল–বিজেপি–জি এছ পি মিত্রজোঁট নেতৃত্বাধীন নতুন বিটিচি পৰিষদে দায়িত্বভাৰ গ্রহণ কৰাৰ লগতে বিগত ১৭ বছৰে অঞ্চলটোত একছত্রী আধিপত্য চলাই অহা হাগ্রামা যুগৰ অৱসান ঘটিব৷ বহু জল্পনা–কল্পনাৰ অন্তত কাইলৈ বিটিচিৰ নতুন পৰিষদখনে শপতগ্রহণ কৰিব৷ বিটিচি সচিবালয়ৰ নিকটৱর্তী বিশাল গ্রীন ফিল্ডত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানক লৈ প্রশাসনৰ মাজত ব্যাপক তৎপৰতা চলিছে৷ যুদ্ধকালীন তৎপৰতাৰে অনুষ্ঠানৰ মঞ্চ, ৰভা সাজু কৰা হৈছে৷ কাইলৈৰ শপতগ্রহণ অনুষ্ঠানত প্রায় ২ লাখ লোক সমৱেত হ’ব৷ বিটিচিৰ প্রধান সচিব সিদ্ধার্থ সিঙে নিজে নিৰাপত্তা ব্যৱস্থাৰ তদাৰক কৰিছে৷ জনসাধাৰণে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্রতিও গুৰুত্ব আৰোপ কৰিছে৷ তদুপৰি শপতগ্রহণ অনুষ্ঠানৰ সময়ছোৱাত ক’ভিড প্রট’কল মানি চলা হ’ব বুলি বিটিচিৰ প্রধান সচিব সিদ্ধার্থ সিঙে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ আজি পুৱা ১১ বজাত বিটিচিৰ নতুন মুখ্য কার্যবাহী সদস্য হিচাপে শপতগ্রহণ কৰিব ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে৷ এই শপতগ্রহণ পর্বত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক সাংসদ দিলীপ কুমাৰ শইকীয়া, গণ সুৰক্ষা পার্টীৰ সভাপতি সাংসদ নৱ কুমাৰ শৰণীয়াকে ধৰি বহুকেইজন মন্ত্রী–বিধায়ক–সাংস্ উপস্থিত থাকিব৷ আজি গুৱাহাটীত এখন সংবাদ মেলত নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, কাইলৈ নতুন বিটিচি পৰিষদত মুঠ ৫জনে শপতগ্রহণ কৰিব৷ ইউ পি পি এলৰ দুজন, বিজেপিৰ দুজন আৰু জি এছ পিৰ এজন সদস্যই শপত ল’ব৷ পৰিষদৰ উপ–মুখ্য কার্যবাহী পদটোও ইউ পি পি এলক এৰি দিয়া হৈছে৷ উপ–মুখ্য কার্যবাহী হিচাপে গোবিন্দ বসুমতাৰীয়ে শপতগ্রহণ কৰিব৷ বিজেপিৰ দুজন প্রতিনিধি আৰু জি এছ পিৰ একমাত্র প্রতিনিধি ঘনশ্যাম দাসে পৰিষদখনৰ কার্যবাহী সদস্য হিচাপে শপত ল’ব৷ আজি নতুন বিটিচি পৰিষদৰ হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানক লৈ ইতিমধ্যে সমগ্র বিটিচিত উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈছে৷ সমগ্র কোকৰাঝাৰ জিলাত প্রমোদ বড়োৰ কাট আউট, বিশাল তোৰণ, বেনাৰেৰে নতুন ৰূপত সজাই–পৰাই তোলা হৈছে৷ কাইলৈ শপতগ্রহণ অনুষ্ঠানৰ প্রতি লক্ষ্য ৰাখি কোকৰাঝাৰ জিলা প্রশাসনে স্থানীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে৷ ইপিনে আজি গুৱাহাটীৰ পৰা পোনে পোনে কোকৰাঝাৰত উপস্থিত হোৱাৰ লগে লগে প্রমোদ বড়োক হাজাৰ হাজাৰ জনতাই উষ্ম আদৰণি জনায়৷ ইউ পি পি এলৰ হাজাৰ হাজাৰ কর্মী–সদস্যই বড়োক আৰনাই, ফুলৰ থোপাৰে দলৰ মুখ্য কার্যালয়লৈ আদৰি আনে৷
সোমবাৰে সন্ধিয়াৰ ভাগত প্রমোদ বড়োৱে বডোফা নগৰস্থিত গ্রীন ফিল্ডত বডোফা উপেন্দ্রনাথ ব্রহ্ম আৰু অহিংসাৰ পূজাৰী মহামানৱ মহাত্মা গান্ধীৰ প্রতিচ্ছবিত বন্তি প্রজ্বলন কৰাৰ লগতে সমগ্র কোকৰাঝাৰ চহৰত এবছুৱে ৫ সহস্রাধিক বন্তি প্রজ্বলন কৰে৷ সংবাদ মাধ্যমৰ আগত প্রমোদ বড়োৱে কয় যে ইউ পি পি এল–বিজেপি–জি এছ পিৰ চৰকাৰে ইতিমধ্যে অঞ্চলটোৰ জনসাধাৰণলৈ সমন্বয়ৰ বার্তা প্রেৰণ কৰিছে৷ অনাগত সময়ছোৱাত বি টি আৰবাসীৰ বাবে সুস্থ বাতাৱৰণ সৃষ্টি কৰি অঞ্চলটোৰ সকলো জাতি–জনগোষ্ঠীক লৈ সম–উন্নয়ন, সমবিকাশ আৰু শান্তি প্রতিষ্ঠা কৰাৰ লগতে চৰকাৰ আৰু জনতাৰ মাজত থকা ব্যৱধান দূৰ কৰা হ’ব৷ তেওঁ আৰু কয়– দুর্নীতি সহ্য কৰা নহ’ব৷ দুর্নীতি হ’ল আমাৰ প্রধান শত্রু, শত্রুৰ সৈতে আমি যুঁজিবলৈ আহিছোঁ৷ দুর্নীতিত লিপ্ত বিষয়া, কর্মচাৰী, ৰাজনীতিবিদ কাকো ৰেহাই দিয়া নহ’ব৷ সকলোকে পৰিৱর্তন হ’বলৈ আহ্বান জনাই তেওঁ আৰু কয়– শপতগ্রহণৰ পাছতেই দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰিম৷ বিগত ১৭ বছৰত প্রশাসনযন্ত্র বিধ্বস্ত হৈছে৷ সেই প্রশাসনযন্ত্র সংস্কাৰ কৰিব লাগিব৷ ইপিনে ৰাজ্যসভাৰ প্রাক্তন সাংসদ তথা বর্তমানৰ বিজেপি নেতা বিশ্বজিৎ দৈমাৰীয়ে কাইলৈৰ শপতগ্রহণ অনুষ্ঠানত হাগ্রামা মহিলাৰী উপস্থিত থাকি অভিভাৱক হিচাপে প্রমোদ বড়োক আশীর্বাদ দিবলৈ আহ্বান জনায়৷ সেইদৰে কোকৰাঝাৰৰ নির্দলীয় সাংসদ তথা গণ সুৰক্ষা পার্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই নতুন বিটিচি পৰিষদক লৈ যথেষ্ট আশা প্রকাশ কৰি কয় যে প্রমোদ বড়োৱে মুখ্য কার্যবাহী সদস্য হিচাপে ইউ পি পি এল, বিজেপি আৰু জি এছ পি তিনিওটা দলৰ এজেণ্ডা লৈ আগবাঢ়ি যাব৷ অঞ্চলটোত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ লগতে সম–উন্নয়ন আৰু বিভেদ মষিমূৰত গুৰুত্ব দিব৷