আজি সৰস্বতী পূজা; বাগদেৱীৰ বন্দনাৰে মুখৰ শিক্ষানুষ্ঠান সমূহ
আজি ৰাজ্যজুৰি পালন কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা৷ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে আৰম্ভ হৈছে প্রস্তুতি৷ অৱশ্যে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি এইবাৰ বিগত বর্ষসমূহৰ তুলনাত কিছু সীমাবদ্ধতাৰ মাজেৰে পালন কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্রী দেৱীৰ পূজা–র্চনা৷ ইয়াৰ মাজতে বাগ্দেৱীৰ বন্দনাৰে মুখৰ হ’ব সমগ্র ৰাজ্য৷ শংখ–ঘণ্টাৰ মংগলধ্বনি, আয়তীৰ উৰুলিৰে বেদীত প্রতিষ্ঠা কৰা দেৱীক আগবঢ়োৱা হ’ব বৈদিক পূজা৷
বিশেষকৈ শিক্ষানুষ্ঠানসমূহত সৰস্বতী পূজা উপলক্ষে শিক্ষার্থীসকলৰ মাজত উলহ–মালহ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে৷ প্রতিখন শিক্ষানুষ্ঠানত সৰস্বতী পূজাৰ বাবে স্থাপন কৰা হৈছে মণ্ডপ৷ শিক্ষানুষ্ঠানসমূহৰ সন্মুখত নির্মাণ কৰা হৈছে আকর্ষণীয় তোৰণ৷
ইতিমধ্যে মহানগৰীৰ বজাৰ ভৰি পৰিছে বিভিন্ন আকৃতিৰ দেৱী সৰস্বতীৰ মৃণ্ময় মূর্তিৰে৷ বজাৰত সৰস্বতীৰ মৃণ্ময় মূর্তিৰ মূল্য নূ্যনতম ৩০০ টকাৰ পৰা ১,৫০০ টকাপর্যন্ত৷ সমান্তৰালভাৱে পূজাৰ বিভিন্ন সামগ্রীও মহানগৰীৰ বজাৰত উপলব্ধ হৈছে৷
উল্লেখ্য যে বৈদিক নিয়ম মতে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত বিধিসন্মতভাৱে সৰস্বতী পূজা উদ্যাপন কৰা হয়৷ লক্ষণীয় যে সৰস্বতী পূজাৰ দিনটোত নিজকে আকর্ষণীয় ৰূপত সজাবলৈ যুৱতীসকলৰ মাজত চলে অঘোষিত প্রতিযোগিতা৷ সৰস্বতী পূজাৰ প্রাক্ক্ষণত মহানগৰীৰ বিউটী পার্লাৰসমূহত পৰিলক্ষিত হৈছে ভিৰ৷ সমান্তৰালভাৱে বজাৰসমূহত কাপোৰ–লংকাৰ বিচাৰি যুৱতীসকলে ভিৰ কৰিছে৷ কিয়নো ক’ভিডৰ সংক্রমণৰ বাবে ৰঙালী বিহুৰ পৰা আৰম্ভ কৰি দুর্গাপূজা আৰু অন্যান্য উৎসৱসমূহ উদ্যাপনৰ ক্ষেত্রত যথেষ্ট সীমাবদ্ধ আৰোপ কৰা হৈছিল৷
কিন্তু শেহতীয়াকৈ ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ বাবে উৎসৱ–পার্বণৰ ক্ষেত্রতো যথেষ্ট শিথিলতা প্রদান কৰা হৈছে৷ সেয়েহে কাইলৈ সৰস্বতী পূজা উপলক্ষে ৰাজ্যবাসীৰ লগতে শিক্ষার্থীৰ মাজত ব্যাপক উছাহ–উদ্দীপনা পৰিলক্ষিত হৈছে৷