নিয়মীয়া বাৰ্তা ২৩ জুনঃ ক’ভিড–১৯ৰ জটিল পৰিস্থিতিৰ মাজতে ২০২১ চনৰ বিধানসভা নির্বাচনক লক্ষ্য কৰি বিশেষ তৎপৰতা আৰম্ভ কৰা বিজেপিয়ে কাইলৈ এক বিশেষ ৰেলীৰ আয়োজন কৰিছে৷ ‘অসম জন সম্বোধন’ শীর্ষক এই ভার্চুৱেল ৰেলীক কালি সম্বোধন কৰিব দলৰ ৰাষ্ট্রীয় সভাপতি জগত প্রকাশ নাড্ডাই৷ উল্লেখ্য যে ১৮ জুনত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এই ৰেলীৰ আয়োজন কৰা হৈছিল যদিও লাডাখত শ্বহীদ হোৱা ভাৰতীয় সেনা জোৱানৰ প্রতি শ্রদ্ধাঞ্জলি জনাই স্থগিত ৰখা হৈছিল অনুষ্ঠানটো৷ আজি পুনৰ একে স্থানতে আয়োজন কৰা ভার্চুৱেল ৰেলীত ৰাষ্ট্রীয় সভাপতি নাড্ডাৰ লগতে ভাষণ প্রদান কৰিব মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু নেডাৰ আহ্বায়ক তথা জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সোমবাৰে এই সন্দর্ভত হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ কার্যালয়ত এখন সংবাদ মেল আয়োজন কৰি দলৰ মুখপাত্রদ্বয় জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্র মার্ঘেৰিটাই প্রকাশ কৰা মতে, আজি অনুষ্ঠিত হ’বলগা ভার্চুৱেল ৰেলীত দেশৰ প্রায় ৭০ লাখৰ পৰা এক কোটি লোকে অংশগ্রহণ কৰিব৷ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে দলৰ কেন্দ্রীয় কার্যালয়ৰ পৰাই অসমবাসীক উদ্দেশ্যি দিবলগা ভাষণত পোনপটীয়া সম্প্রচাৰ হ’ব বিজেপিৰ ফেচবুক পেজ, ৰাজ্যিক বিজেপিৰ ফেচবুক পেজ, ইউটিউব চেনেল, ইনষ্টাগ্রাম, চিছকো ৱেবেক্স আদিত৷ মুখপাত্রদ্বয়ে প্রকাশ কৰা মতে, ৰাজনৈতিক ইতিহাসত প্রথমবাৰৰ বাবে অনুষ্ঠিত এই ভার্চুৱেল ৰেলী এক দৃষ্টান্ত ৰূপে প্রতিফলিত হ’ব৷