ৱাৰ্ড অনুসৰি গুৱাহাটীত হ’ব পাৰে লকডাউন, ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেল
নিয়মীয়া বাৰ্তা, ২২ জুনঃ ৱাৰ্ড অনুসৰি গুৱাহাটীত হ’ব পাৰে লকডাউন। প্ৰথম অৱস্থাত ৭ দিনৰ বাবে লকডাউন দিয়া হ’ব পাৰে। প্ৰয়োজন হ’লে ১৪ দিনলৈ দিয়া হ’ব পাৰে লকডাউন। এই কথা উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কাৰ্যালয়ত আয়োজন কৰা সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ ক’ভিড-১৯ সম্পৰ্কীয় বিতং পৰিস্থিতি ব্যাখ্যা কৰে।
ড০ শৰ্মাই ফাঁচীবজাৰ, মালিগাঁও, পাণ্ডু, ফটাশিল আমবাৰী, ধীৰেনপাৰা ক’ৰোনাৰ হটস্পট হৈ পৰিছে বুলি উল্লেখ কৰে। তেওঁ গুৱাহাটীৰ পৰিস্থিতি আৰু বেয়ালৈ গমন কৰাৰ আশংকাও প্ৰকাশ কৰে।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ক’ৰোনাত মৃত্যুবৰণ কৰা লোকৰ সংখ্যা বৰ্তমানলৈ ১০জন আৰু এয়া দেশৰ ভিতৰতে নিম্ন। তেওঁ ৰাজ্যবাসীক আশংকাৰ মাজত নাথাকি সাৱধানতা অৱলম্বনৰ আহ্বান জনায়।