নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ জুলাই, শাওণ মাহৰ ১৪ তাৰিখ
সোমবাৰ : তিথি–শুক্লা ত্রয়োদশী, নক্ষত্র : পূর্ব্বষাঢ়া, যাত্রা : নাই

মেষ : মানসিক, প্রেম–প্রীতি আৰু পাৰিবাৰিক শুভ কাৰক৷ শিক্ষার্থীৰ সফলতাৰ যোগ ৷ হাতলৈ টকা–পইচা আহিব যদিও খৰচ বাঢ়িব ৷ ঘৰলৈ সুখ আহিব ৷ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৩ ৷
বৃষ : যান–বাহন চলোৱা লোকসকলে অলপ সাৱধান হৈ গাড়ী চলাব ৷ প্রেম আৰু পাৰিবাৰিক দিশত শুভ ৷ শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্রত অশান্তি থাকিব ৷ কর্মচাৰীৰ মনৰ অশান্তি হ’ব ৷ বাণিজ্যত উন্নতিৰ যোগ ৷ শুভ ৰং সেউজীয়া ৷ শুভ সংখ্যা ৭ ৷
মিথুন : সময়ৰ কাম সময়ত কৰিলে ভাল ফল পাব ৷ স্বাস্থ্যৰ প্রতি যত্ন ল’ব ৷ চাকৰিৰ ক্ষেত্রত সন্মান লাভ হ’ব ৷ সৰু সৰু কথাত মানসিক কিছু প্রভাৱ পেলাব ৷ আর্থিক প্রাপ্তিৰ আশা ৷ প্রতিকাৰ– ভিক্ষাৰীক পাৰিলে জলপান কৰাব ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ৬ ৷
কর্কট : আজি শুভ কাম আৰম্ভ কৰিব পাৰে ৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব ৷ পূর্বৰ দিনৰ তুলনাত আজি বহুলাংশে যোগাযোগত উন্নত ৷ আর্থিক ক্ষতিৰ পৰা ৰক্ষা পৰিব ৷ প্রেমতো অশান্তিকৰ প্রভাৱ থাকিব ৷ শিক্ষার্থীৰ সফলতাৰ যোগ ৷ শুভ ৰং ৰঙা ৷ শুভ সংখ্যা ১ ৷
সিংহ : প্রেম আৰু পাৰিবাৰিক দিশত সুখ–শান্তি থাকিব ৷ শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত চিন্তা হ’ব ৷ কর্মক্ষেত্রত আপোনাৰ ভাবমূর্তি প্রায় ঠিক থাকিব যদিও কোনো কাৰণে চিন্তাৰ কাৰণ হ’ব ৷ হাত–ভৰিত আঘাত পাব পাৰে ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৬ ৷
কন্যা : চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে ৷ নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে ৷ জাতকৰ কোনো উন্নত যোগাযোগৰ পৰা লাভ ৷ বিদ্যাত বেয়া নহ’ব ৷ ভ্রমণাদিত মধ্যম ৷ ৰাজনীতিক আৰু সমাজকর্মীৰ উন্নতিৰ কাৰক ৷ শুভ ৰং হালধীয়া ৷ শুভ সংখ্যা ৩ ৷
তুলা : আজি আপোনাৰ শৰীৰৰ শুভ কাৰক হ’ব ৷ সাহিত্যিক, খেলুৱৈ আৰু শিল্পীৰ নতুন উৎসাহ বৃদ্ধিৰ যোগ ৷ কোনোৱে প্রৱঞ্চকৰ কবলত পৰাৰ সম্ভাৱনা ৷ সাৱধান হ’লে ভয় কম, বিদ্যাত যত্নৰ ফল লাভ ৷ শুভ ৰং ক’লা ৷ শুভ সংখ্যা ৫ ৷
বৃশ্চিক : ক্রমে দিনটো বাঢ়ি অহাৰ লগে লগে মনটো গধুৰ হ’ব পাৰে ৷ হ’বলগীয়া কামত অনগ্রসৰ হোৱাৰ যোগ ৷ প্রেম–প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক ৷ আনক সহায় কৰি সন্মানিত হ’ব ৷ চাকৰি স্থায়ীকৰণ হ’ব ৷ শুভ ৰং গেৰুৱা ৷ শুভ সংখ্যা ৪ ৷
ধনু : দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব ৷ ব্যৱসায়ত সাৱধানতা অৱলম্বন কৰিব ৷ ব্যৱসায়ত ধৈর্যহীনতাৰ বাবে ক্ষতি হোৱাৰ আশংকা ৷ টকা–পইচা যাবলৈ দিলে ঘূৰাই নাপাব ৷ সন্তানৰ ভাল কামে আনন্দ দিব ৷ শুভ ৰং গুলপীয়া ৷ শুভ সংখ্যা ৫ ৷
মকৰ : ব্যৱসায়ত লাভ কৰিব পাৰিব ৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব ৷ ব্যৱসায়ীসকলে টকা–পইচাৰ লেনদেন নিজৰ হাতেৰে কৰিব ৷ বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় ৷ ঘৰৰ পৰা মূল্যৱান বস্তু হেৰুৱাৰ ভয় ৷ শুভ ৰং বেঙুনীয়া ৷ শুভ সংখ্যা ২ ৷
কুম্ভ : আজিৰ দিনটোত আপোনাৰ শৰীৰ সুস্থ হৈ থাকিব ৷ মনৰ অশান্তি হ’ব পাৰে ৷ প্রেম–প্রীতি আৰু পাৰিবাৰিকত কিছু অশান্তি হ’ব ৷ শিক্ষার্থীৰ অধ্যয়নৰ ক্ষেত্রত অশান্তি হ’ব ৷ পঢ়া–শুনাত মনোযোগ লাগিব ৷ শুভ ৰং বগা ৷ শুভ সংখ্যা ২ ৷
মীন : আর্থিক যোগাযোগত কিছু উপকৃত তথা খৰচ ৷ মতান্তৰ হ’ব লগা কথাত মন নিদিব ৷ শৰীৰ মধ্যম ৷ ভ্রমণত সাৱধান ৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৮ ৷

You might also like