আজি ১ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৪ তাৰিখ
শুকুৰবাৰ : তিথি–কৃষ্ণ প্রতিপদ, নক্ষত্র : পূর্বভাদ্রপদ, যাত্রা : নাই
মেষ : উন্নত পৰিৱেশ৷ সা–সম্পত্তিৰ ক্ষেত্রত কিবা বাধা আছে যদি হ্রাস হোৱাৰ সম্ভাৱনা৷ কোনো সম্পদ বা সন্মানৰ গৰাকীও হ’ব পাৰে৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷
বৃষ : প্রতিকূল সময়ৰ বাবে আপুনি দিনটো অলপ সাৱধানেৰে চলক৷ জ্ঞাতি–কুটুম্বৰ আগমন হ’লেও সৌজন্য ৰক্ষা কৰক মাত্র৷ শৰীৰ মধ্যম৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৪৷
মিথুন : আজিও খুব উন্নত ফল নাপাব৷ বিশেষকৈ দিনৰ ১২ বজালৈ সাৱধানে চলাটো উচিত হ’ব৷ বাধ্য–বাধকতা হ’লেও ভাবি–চিন্তি নিজৰ কাম কৰক৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮৷
কর্কট : এলাহ বৃদ্ধি পালেও স্ব-কর্মত ব্যস্ততা নকমিব৷ পাৰিবাৰিক উন্নত৷ প্রাপ্য ধন হাতলৈ অহাৰ যোগ৷ দাম্পত্যত শুভ৷ শুভ ৰং বগা, শুভ সংখ্যা ৫৷
সিংহ : বাধা–বিঘিনি কিছু হ্রাস হ’ব পাৰে দুপৰীয়াৰ পৰা৷ বাকী সময়ত সাৱধন থকাটো ভাল, বিশেষকৈ প্রৱঞ্চকৰ পৰা৷ প্রেমত গতানুগতিক৷ শুভ ৰং কমলা, শুভ সংখ্যা ১৷
কন্যা : শৰীৰ আৰু পাৰিপার্শ্বিক প্রায় অনুকূল৷ আজি কোনো সম্ভাৱনীয় যোগাযোগত উপকৃত হ’ব৷ তাতে একো মন্তব্য নিদিব৷ শুভ ৰং ক’লা, শুভ সংখ্যা ৬৷
তুলা : আর্থিকত বিশেষ সফল নহ’লেও দুশ্চিন্তা নাই৷ এইক্ষেত্রত আপুনি ব্যক্তিগত চেষ্টা চলাইছে যদিও অশান্তি হ’ব৷ ঘৰুৱা ভালেই৷ শিল্পীৰ উৎসাহ৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৮৷
বৃশ্চিক : খৰচ–পাতি নকৰোঁ বুলি থাকিলেও খৰচৰ পথ ওলাব৷ অন্যান্য কিছুৱে সামাজিক–ৰাজনৈতিক দিশত নিজৰ মতৰ সমর্থন পাব৷ শুভ ৰং ক্রীম, শুভ সংখ্যা ৫৷
ধনু : ক্রমে দিনটো কিছু আশাপ্রদ৷ খুব ফৰকাল লাগি নাথাকিব৷ জ্ঞাতি–কুটুম্বৰ মাংগলিক কার্য আদিত যোগদান কৰাৰো সম্ভাৱনা৷ শুভ ৰং নীলা, শুভ সংখ্যা ৩৷
মকৰ : কর্মক্ষেত্রত আজি বিশেষ যোগাযোগ কম হোৱাত কোনো চিন্তাত থাকিব৷ সৰু–সুৰা ক্লেশে আপোনাৰ মন আৰু দেহত প্রভাৱ পেলাব পাৰে৷ শুভ ৰং আকাশী, শুভ সংখ্যা ১৷
কুম্ভ : অস্থিৰ চিন্তা সম্পূর্ণ বর্জনীয়৷ শৰীৰ, মন আৰু পৰিৱেশ দিনৰ ১২ বজালৈ আশাপূর্ণ নহ’ব পাৰে৷ প্রেমত মধ্যম৷ শুভ ৰং কমলা, শুভ সংখ্যা ৪৷
মীন : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ দাম্পত্যত বেয়া নহ’ব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷