নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ মে’, জেঠ মাহৰ ১৫ তাৰিখ
বুধবাৰ : তিথি– কৃষ্ণা ষষ্ঠী, নক্ষত্র : শ্রৱনা, যাত্রা  : শুভ

মেষ : ঘৰুৱা পৰিৱেশ অনুকূল৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব৷ শৰীৰ বেয়া নাযাব৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৯৷

বৃষ : দিনৰ ১২ বজাৰ পিছত কিছু ফৰকাল অনুভৱ কৰিব৷ ব্যৱসায়ত মধ্যম৷ দাম্পত্যত মতানৈক্যৰ সৃষ্টি৷ বিদ্যাত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ১৷

মিথুন : কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰি ৰাখিব৷ আর্থিকত বেয়া নহ’ব৷ প্রেম–প্রীতিত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷

কর্কট : ব্যৱসায়ত মধ্যম৷ শাৰীৰিক দিশত দুর্বলতা থাকিব৷ সন্তানৰ শুভ৷ প্রেমত অস্থিৰতা থাকিব৷ দাম্পত্যত মধ্যম৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৭৷

সিংহ : পুৱাৰ ভাগত মনটোত উদ্বেগ দেখা যায়৷ ভ্রমণ কৰিব পাৰে৷ পৰাপক্ষত স্পষ্টভাষী হ’বলৈ চেষ্টা কৰক৷ প্রেমত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ১৷

কন্যা : একাধিক কথাত মন বিক্ষিপ্ত থাকিব৷ কর্মস্থানত নিজৰ যোগ্যতা প্রতিপন্ন কৰিব পাৰিব৷ প্রেমত বাধা, ঘৰুৱাত শুভ৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷

তুলা : দিনটো কোনো ক্ষতি নোহোৱাকৈ পাৰ হ’ব৷ মন বেয়া হ’ব পাৰে৷ আগন্তুকৰ বাবে দুশ্চিন্তা নকৰাই ভাল৷ দাম্পত্যত শুভ৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

বৃশ্চিক : আর্থিকত বাধা নাপাব৷ শাৰীৰিক দিশত জ্বৰ, কাহ, পেটৰ অসুখত ভুগিব পাৰে৷ ব্যৱসায়ত শুভ ফল পাব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৬৷

ধনু : ধন হাতলৈ আহিলেও পর্যাপ্ত নহ’ব৷ কর্মক্ষেত্রত শুভ ফল পাব৷ শৰীৰ আৰু পৰিৱেশ কিন্তু প্রতিকূল থাকিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷

মকৰ : শৰীৰৰ প্রায় অনুকূল৷ বিদ্যাত যত্নৱান হ’ব৷ অযথা কামত সময় নষ্ট নকৰাই ভাল৷ আর্থিকত শুভ ফল পাব৷ ব্যৱসায়ত মধ্যম উন্নতি৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৬৷

কুম্ভ : কর্মক্ষেত্রতো সৰু–সুৰা বাধা আহিব পাৰে৷ দিনটোত আর্থিক সমস্যা থাকিব৷ বিদ্যাত যত্ন লোৱাটো আৱশ্যক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷

মীন : আর্থিক দিশত বেছি বাধা নাপাব৷ দৈহিক দিশত বিষ–বেদনা থাকিব৷ প্রেম–প্রণয়ত সাৱধান৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷

You might also like