নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঙাইগাঁৱত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰিলে শৌচাগাৰ

নিয়মীয়া বার্তা, ১৬ ফেব্রুৱাৰীঃ বঙাইগাঁও জিলা পানী আৰু অনাময় সমিতিৰ উদ্যোগত পেলনীয়া প্লাষ্টিকৰ বটলেৰে নির্মিত ৰাজহুৱা শৌচাগাৰ এটা কালি উদ্বোধন কৰে জিলাখনৰ উপায়ুক্ত ড০ এম এছ লক্ষ্মীপ্রিয়াই৷

৮০০০ৰ অধিক পেলনীয়া খোৱাপানীৰ বটল শৌচাগাৰটো নির্মাণত ইটাৰ বিকল্প হিচাপে ব্যৱহাৰ কৰা হয়৷ শৌচাগাৰটোৰ বেৰ মজবুত কৰি তুলিবলৈ বটলসমূহৰ ভিতৰত সৰু শিল, বালি আদি সোমাই সাঁফৰ টানকৈ মাৰি দিয়া হয়৷

উল্লেখ্য যে প্লাষ্টিকৰ বটল পচি মাটিৰ সৈতে মিলি যাবলৈ প্রায় ৪৫০ বছৰৰ প্রয়োজন৷ গতিকে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰৰ জৰিয়তে প্রকৃতিৰ ওপৰত পৰা বিনষ্ট ৰোধ কৰিব পাৰি৷ বিভিন্ন কলা–কৌশলেৰে শৌচাগাৰটো সাজি উলিয়ায় শিল্পী নয়ন নাথে৷

You might also like