নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত কাইলৈ মুখ্যমন্ত্রীৰ মনোনয়ন

নিয়মীয়া বাৰ্তা ৮ মাৰ্চঃ  মাজুলীৰ পৰা প্রথমবাৰৰ বাবে অসম বিধানসভালৈ নির্বাচিত হৈ অসমৰ মুখ্যমন্ত্রীৰ আসন অলংকৃত কৰা সর্বানন্দ সোণোৱালে মাজুলীৰ পৰা দ্বিতীয়বাৰৰ বাবে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ কাৰণে কাইলৈ বিয়লি দলীয় টিকট লৈ মাজুলীত উপস্থিত হ’বহি৷ ইয়াকে লৈ মাজুলীত ব্যাপক আনন্দ–উল্লাস পৰিলক্ষিত হৈছে দলীয় কর্মীসকলৰ মাজত৷ মাজুলীত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্রী সোণোৱালক ভাৰতীয় জনতা পার্টী, অসম গণ পৰিষদ আৰু সন্মিলিত গণশক্তিৰ বৃহৎসংখ্যক সমর্থকে আদৰি লৈ যাব দলৰ জিলা নির্বাচনী মুখ্য কার্যালয়লৈ৷ এই কথা সদৰী কৰিছে  মিত্রজোঁটৰ এখন সংবাদ মেলত৷ সংবাদ মেল সম্বোধন কৰি ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক প্রভাৰী ৰূপা কামানে কয়– ৯ মার্চত সর্বানন্দ সোণোৱালে পুৱাবেলাতে মাজুলী জিলা নির্বাচনী বিষয়াৰ কার্যালয়ত মনোনয়ন–পত্র দাখিল কৰিব৷

এই মনোনয়ন পর্বৰ কাৰণে বিজেপি আৰু মিত্রজোঁটৰ প্রায় ২০ হাজাৰ সমর্থকক লগত লৈ মাজুলীৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ সাংস্কৃতিক কার্যক্রমেৰে জিলা দলীয় নির্বাচনী কার্যালয়ৰ পৰা প্রার্থীগৰাকীক আগুৱাই নিবৰ বাবে ব্যাপক প্রস্তুতি চলোৱা বুলি সদৰী কৰিছে৷ প্রভাৰী কামানে আৰু কয়– এইবাৰ নির্বাচনত সর্বানন্দ সোণোৱালক ৫০ হাজাৰ ভোটৰ ব্যৱধানত মাজুলীৰ পৰা জয়যুক্ত কৰিবলৈ ৰাইজ সাজু হৈছে৷ মাজুলীৰ বিগত পাঁচ বছৰত বিধায়ক তথা মুখ্যমন্ত্রী হিচাপে কৰা উন্নয়নমূলক কাম–কাজেই নির্বাচনৰ মূল ইছ্যু হ’ব৷ তদুপৰি নতুনকৈ আৰম্ভ কৰা কামসমূহ সম্পূর্ণ কৰাৰ কাৰণে সোণোৱালক পুনৰ নির্বাচন কৰিবৰ কাৰণে মাজুলীৰ ৰাইজক আহ্বান জনায়৷

সংবাদ মেলত ভাগ লৈ ক’ৰ কমিটীৰ আহ্বায়ক দীপক গোস্বামী আৰু জিতেন ডেকাই আঁত ধৰা সভাত মাজুলী জিলা ভাৰতীয় জনতা পার্টীৰ সভাপতি লোকনাথ কুটুম, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, বীৰেন শইকীয়াই মাজুলীৰ সুৰক্ষা, ভূমি অধিকাৰ, স্বাস্থ্যখণ্ডৰ উন্নতি আদি আগবঢ়াই নিয়াত গুৰুত্ব প্রদান কৰা বুলি উল্লেখ কৰে৷ মিত্রজেজাটৰ ফালৰ পৰা অসম গণ পৰিষদৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ ৰাজ্যিক সম্পাদক অনিৰুদ্ধ দত্ত, সন্মিলিত গণশক্তি দলৰ নীলকান্ত দলে আদিয়ে মিত্রজেজাটৰ প্রার্থীগৰাকীক সম্পূর্ণভাৱে সহায় কৰিব বুলি বক্তব্য আগবঢ়ায়৷ মাজুলী–যোৰহাট সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মাণ কৰিবলগীয়া দলং এইবাৰ নির্বাচনী ইছ্যু নহ’ব নেকি বুলি সাংবাদিকে কৰা প্রশ্ণৰ উত্তৰত ৰাজ্যিক সদস্য দীপক গোস্বামীয়ে কয়– মাজুলী–যোৰহাট সংযোগী দলঙৰ লগতে অসম মালাত অন্তর্ভুক্ত মাজুলী–ধূনাগুৰি দলঙৰ প্রসংগই নির্বাচনী ইছ্যুত স্থান লাভ কৰিব বুলি উল্লেখ কৰে৷

You might also like