নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ তিতাবৰলৈ আহিব মুখ্যমন্ত্ৰীঃ উদ্বোধনৰ বাবে সাজু ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ-সংগ্ৰহালয়

নিয়মীয়া বাৰ্তা, ১০ ডিচেম্বৰঃ ১১ ডিচেম্বৰত তিতাবৰলৈ আহিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তিতাবৰৰ বজালবাৰীত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি সংগ্ৰহালয়টোৰ শুভ উদ্বোধন কৰিব সোণোৱালে।

মুখ্যমন্ত্ৰীগৰাকীক তিতাবৰত আদৰিবলৈ বৰ্তমান যোৰহাট জিলা আৰু তিতাবৰ মহকুমা প্ৰশাসন, বিজেপি, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কৰ্মকৰ্তাসকলে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ চন্দ্ৰ কছাৰীৰ লগতে বিভিন্ন বিভাগৰ কেইবাজনো বিষয়াৰ ঐকান্তিত প্ৰচেষ্টাত প্ৰায় ৭.৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা সাংস্কৃতিক সংগ্ৰহালয়টো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে ২০১২ বৰ্ষতে আধাৰশিলা স্থাপন কৰিছিল।

১১ ডিচেম্বৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰাৰ পিছতে সংগ্ৰহালয়টো সকলো ৰাইজৰ দৰ্শনৰ বাবে মুকলি কৰি দিব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে অসমৰ প্ৰাচীন ভূমিপুত্ৰ ঠেঙাল কছাৰীৰ লগতে অন্যান্য জাতি-জনগোষ্ঠীৰ বৰ্ণাঢ্য কৃষ্টি তথা পুৰাতনীয়া সম্পদসমূহ সংৰক্ষণ, সংবৰ্ধন আৰু নৱপ্ৰজন্মৰ মাজত পৰিচিত কৰাই দিয়াই উদ্দেশ্যে ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদে তিতাবৰত অতি সুন্দৰ ৰূপত গঢ়ি তুলিছে এই সাংস্কৃতিক সংগ্ৰহালয়টো।

ইয়াৰ ভিতৰচ’ৰাত প্ৰতীকী ৰূপত আছে গ্ৰাম্য জনজীৱনক প্ৰতিফলিত কৰা বাঁহ আৰু খেঁৰেৰে নিৰ্মিত ঘৰ, পাকঘৰ, মাৰল ঘৰ, চ’ৰাঘৰ, ভ’ৰাল, ঢেঁকীশাল, তাঁতশাল, খেৰৰ মেজি, গোহালি, হাঁহ-পাৰৰ গঁৰাল, শীতৰ দিনত জুঁইৰ কাষত উম লৈ থকা আদিৰ দৃশ্য।

সংগ্ৰহালয়টোৰ সৈতে সংলগ্ন হৈ আছে ১৮৫ খন আসনযুক্ত শীত তাপ নিয়ন্ত্ৰিত এটা প্ৰেক্ষাগৃহ। তিতাবৰৰ তদানীন্তন বিধায়ক প্ৰয়াত গিৰিধৰ ঠেঙালৰ সোঁৱৰণত প্ৰেক্ষাগৃহটো উৎসৰ্গা কৰা হৈছে।

You might also like