নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াৰ অপব্যৱহাৰ কৰিলে কঠোৰ ব্যৱস্থাঃ ৰাজ্যসভাত ৰবিশংকৰ প্ৰসাদ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ ছ’চিয়েল মিডিয়াত কোনোৱে যদি ভুল তথ্য প্ৰকাশ কৰে, হিংসাৰ উচটনি দিয়ে, তেন্তে তথ্যদাতাৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা। এই মন্তব্য ৰাজ্যসভাত কৰিছে কেন্দ্ৰীয় বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে।

প্ৰসাদে এইক্ষেত্ৰত টুইটাৰ, ফেচবুক, ইউ টিউব আৰু লিংকডইনৰ নাম নিৰ্দিষ্টকৈ উল্লেখ কৰে। ছ’চিয়েল মিডিয়া কৰ্তৃপক্ষক উদ্দেশ্যি ৰবিশংকৰ প্ৰসাদে কয়- ‘ভাৰতত আপোনালোকৰ লাখ লাখ ফলোৱাৰ আছে, আপোনালোকে ইয়াত ব্যৱসায় কৰিব পাৰে, লাভ কৰিব পাৰে, কিন্তু আপোনালোকে ভাৰতৰ সংবিধান মানি চলিব লাগিব।’

ৰাজ্যসভাৰ প্ৰশ্নোত্তৰ পৰ্বত তেওঁ পুনৰ উল্লেখ কৰে- ‘আমি ছ’চিয়েল মিডিয়াক সন্মান কৰো, কিন্তু ভুল তথ্য প্ৰকাশেৰে যদি হিংসাত্মক কাৰ্যৰ প্ৰতি উচটনি দিয়া হয়, তেন্তে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নিশ্চিতভাৱে কৰা হ’ব।’

উল্লেখ্য, ভাৰতৰ কৃষক আন্দোলনক লৈ কোনো কোনোৱে ভুল তথ্য প্ৰচাৰ কৰা বুলি অভিযোগ আনি ভাৰত চৰকাৰৰ ফালৰ পৰা ছ’চিয়েল মিডিয়া বিশেষকৈ টুইটাৰক অৱগত কৰোৱা হৈছিল  এনে একাউণ্ট বন্ধ কৰিবলৈ। চৰকাৰৰ অনুৰোধ ৰক্ষা কৰি টুইটাৰে কিছু একাউণ্ট বন্ধ কৰিছে যদিও সাংবাদিক, ৰাজনীতিক, সমাজকৰ্মীৰ একাউণ্ট বন্ধ কৰা নাই।

এইক্ষেত্ৰত টুইটাৰ কৰ্তৃপক্ষই মত ব্যক্ত কৰিছে যে ভাৰতৰ সংবিধানত মত প্ৰকাশৰ স্বাধীনতা সকলোকে দিছে আৰু টুইটাৰে কোনো বিষয়ৰ ওপৰত চৰ্চা কৰাত কেতিযাও বাধা নিদিয়ে।

You might also like