নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপদত আইটেম ডেন্সাৰ স্বপ্না চৌধুৰীঃ যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ আর্থিক প্রতাৰণা আৰু বিশ্বাস ভংগৰ অভিযোগ তুলি জনপ্রিয় আইটেম ডেন্সাৰ স্বপ্না চৌধুৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০, ১২০, ৪০৬ৰ বি ধাৰাত দিল্লী পুলিচৰ আৰ্থিক অপৰাধ শাখাই ৰুজু কৰে গোচৰ।

পি এণ্ড এম মুভিজ প্ৰাইভেট লিমিটেড নামৰ এটি সংস্থাৰ সঞ্চালক পৱন চাওলাৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হয়। অভিযোগ মতে, উক্ত সংস্থাটোৰে বহু টকাৰ বিনিময়ত স্বপ্নাৰে চুক্তি হৈছিল আৰু চুক্তি অনুযায়ী তেওঁ আন কোনো সংস্থাৰ হৈ কাম কৰাত বাধা আছিল।

কিন্তু স্বপ্না চৌধুৰীয়ে এই চুক্তি অমান্য কৰাত পৱন চাওলাই তেওঁক চুক্তিৰ কথা সোঁৱৰাই দিয়ে যদিও স্বপ্না চৌধুৰীয়ে ইয়াক অৱজ্ঞা কৰে। চাওলাই তেওঁ চুক্তি মৰ্মে লাভ কৰা ৫০ লাখ টকা ওভতাই দিবলৈ কয় যদিও সেয়াও উপেক্ষা কৰাত আৰ্থিক অপৰাধ শাখাৰ ওচৰ চাপে পৱন চাওলা।

You might also like