দু-চকীয়া মটৰ চাইকেলত চিটবেল্টৰ চালান ! মঙলদৈৰ মটৰ চাইকেলৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰকলৈ ৰহস্য
নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ মঙলদৈৰ যুৱক এজনৰ মটৰ চাইকেলত চিটবেল্ট নলগোৱাৰ অপৰাধত হঠাৎ বাহন এপ যোগে জৰিমণা জমা দিয়াৰ চালান প্ৰেৰণে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমান্তৰালভাৱে মটৰ চাইকেলৰ পঞ্জীয়ন নম্বৰ কোনো চোৰাং চাৰিচকীয়া বাহনত ব্যৱহাৰ কৰিছে নেকি, সেইলৈ ৰহস্যৰ সৃষ্টি কৰিছে।
লক্ষনীয় যে, যোৱাকালি আবেলিৰ ভাগত পাথৰিঘাট ৰাজহচক্ৰৰ কৰ্মচাৰী তথা মঙলদৈ বৰুৱাপাৰাৰ যুৱক মানস শৰ্মাৰ মোবাইলত বাহন এপ যোগে প্ৰেৰিত এখন চালান লাভ কৰে। শৰ্মাৰ এএচ ০১ চি ৩০৪২ পঞ্জীয়ন নম্বৰৰ বাহনত চীটবেল্ট নলগোৱাৰ অপৰাধত এহেজাৰ টকাৰ জৰিমণা বিহে আজাৰা থানাই। এএচ ১০২১৭৭২২০৪১১১৩০৫৫৪ নম্বৰৰ চালানত আজাৰা থানাৰ উপ-পৰিদৰ্শক মিথিংগা বসুমতাৰীৰ পৰ্যবেক্ষণত এই অপৰাধ নিৰীক্ষণ কৰাৰ পাছত বিহা জৰিমনাৰ ৰচিদ মোবাইলযোগে লাভ কৰে।
অৱশ্যে, শৰ্মাৰ এএচ ০১ চি ৩০৪২ পঞ্জীয়ন নম্বৰ এখন য়ামাহাৰ আৰএক্স হাণ্ড্ৰেডৰহে আছিল আৰু কালি বাহন খন মঙলদৈত থকাৰ পাছত কিদৰে আজাৰা আৰক্ষীয়ে সমীপৱৰ্তী পথত প্ৰত্যক্ষ কৰিলে সেয়া এক বিচাৰ্য বিষয়। চালানত উল্লেখ কৰা অনুসৰি মেধিৰাম ৰাভাৰ পুত্ৰ কমল চন্দ্ৰ ৰাভাই সংঘটিত কৰা যানবাহন চালনৰ অপৰাধৰ বাবে এই চালান প্ৰেৰিত হৈছে যদিও গুৰুতৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে।
বিশেষকৈ, উক্ত মটৰ চাইকেলৰ পঞ্জীয়ন নম্বৰ কোনো চাৰিচকীয়া লঘু বাহনত ব্যৱহাৰ কৰা হৈছে নেকি ? প্ৰমাদবশতঃ নম্বৰ প্ৰেৰণৰো কোনো আশা নাই। কিয়নো সমীপৰ পৰা পৰ্যবেক্ষণৰ পাছত নাম, ঠিকনা লিপিৱদ্ধ কৰিহে জৰিমনাৰ চালান প্ৰেৰণ কৰিছে। আৰক্ষী আৰু যানবাহন বিভাগে বিষয়টো তদন্ত কৰিলেহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি আজি একাংশই দাবী কৰিছে।